নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলীয় নেতাৰ ভেটিত সিন্ধি খান্দি টিকট প্ৰাপ্তিৰ বাবে ‘টাবিজ’ পিন্ধিছে কোনে ? তিনিচুকীয়াৰ ভিন্ন স্থানত লুৰিনৰ চিন্তন বৈঠক

  • তিনিচুকীয়াৰ ভিন্ন স্থানত লুৰিনৰ চিন্তন বৈঠক
  • সতীৰ্থ জনগোষ্ঠীয় নেতাকো সংগ দিয়াৰ পোষকতা

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ৰাজ্যত অব্যাহত থকা ক’ৰোনা মহামাৰী, বাঘজান কাণ্ড আৰু বানপানীৰ বিভীষিকাৰ মাজতে তিনিচুকীয়া জিলাত ৰাজনীতিৰ গৰম বতাহ বলাৰ বাতৰি পোৱা গৈছে। ২০২১ ৰ সাধাৰণ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰাজনৈতিক দল আৰু ৰাজনৈতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব বিচৰা ‘কা’ বিৰোধী নেতা বিশেষৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

  উল্লেখ্য যে কা বিৰোধী আন্দোলনত দুৰ্দান্ত আৰু বিস্ফোৰক ভাষণেৰে অসমৰ সিংহভাগ জনগণৰ মন জয় কৰিবলৈ সক্ষম হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বিকল্প ৰাজনৈতিক দল গঠনৰ বাবে তেওঁৰ গৃহ জিলা তিনিচুকীয়াৰ পৰা চিন্তন বৈঠক আৰম্ভ কৰি দিয়াৰ খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি কংগ্ৰেছ- এ আই ইউ ডি এফৰ মৰ্চাক জনসাধাৰণে গ্ৰহণ নকৰিব বুলি চলা চিন্তা- চৰ্চাৰ সমান্তৰালকৈ ছাত্ৰনেতাজনে বিজেপিক ৰোধিবলৈ একমাত্ৰ বিকল্প ‘তৃতীয় মৰ্চা’ বুলি বিবেচনা কৰে। ভূঞা, মহন্ত, বৰঠাকুৰ, মেধি কিম্বা বৰবৰা, ফুকন, বৰদলৈ গোটে সংগ্ৰামী মঞ্চ গঠন কৰাৰ সমান্তৰালকৈ এটা সু- পৰিকল্পিত ৰাজনৈতিক দলৰ প্ৰয়োজন অনস্বীকাৰ্য বুলি বিবেচনা কৰে আছু নেতা লুৰিনে। কা বিৰোধী নেতা বিশেষে ধাৰাবাহিক স্থিতি বাহাল ৰাখিলে বিজেপি দলে টিকট দিয়াৰ সম্ভাৱনাই অধিক বুলি ভৱাৰ ধাৰণাটোৰ প্ৰতিও লক্ষ্য ৰাখিছে চিন্তন বৈঠকে। চিন্তন বৈঠক সন্দৰ্ভত খবৰ ৰখা সূত্ৰটোৰ মতে সময় থাকোতেই সেইসকল সতীৰ্থক তেওঁলোকৰ মঞ্চলৈ আনি প্ৰাৰ্থীত্ব প্ৰদানৰ ব্যৱস্থা কৰাৰ পৰিকল্পনাও ৰাখিছে। কাৰণ তিনিচুকীয়াৰ একাধিক সমষ্টিত এতিয়ালৈকে কোনোটো ৰাজনৈতিক দলত যোগদান নকৰা জননেতাইয়ো ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি দিয়াৰ বাতৰি পোৱা গৈছে। প্ৰসংগত উল্লেখ্য যে তিনিচুকীয়া জিলাৰ কেউটা সমষ্টিৰ লগতে লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দুটা বিধান সভা সমষ্টিৰ সংশ্লিষ্ট বিধায়কসকলো ভিতৰি টিকট প্ৰাপ্তিৰ শংকাত ভূগিব লগা হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ‘ৰাজনীতিত কেতিয়া কি উলট- পালট হয় কোনেও নাজানে …’ মন্তব্য প্ৰণিধানযোগ্য। এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে এজন দলত্যাগী প্ৰাক্তন জনপ্ৰতিনিধিয়ে নিজকে শদিয়া সমষ্টিৰ পৰা টিকটপ্ৰাপ্তিৰ আশা পোষণ কৰি ৰাখিছে। সূত্ৰটোৰ মতে তেওঁ কোনো এক দৃষ্টি কোণৰ পৰা বিজেপিৰ টিকট প্ৰাপ্তিৰো অংক কৰিছে। অন্যথা তৃতীয় মৰ্চাৰ টিকট লৈ হ’লেও এঘড়ী যুঁজ দিয়াৰ হেঁপাহ পুহি ৰাখিছে তেওঁ।

   ইফালে দলীয় নেতাৰ পৰা অৰাজনৈতিক সংগঠনৰ নেতালৈকে কেতবোৰ নতুন মুখে জিলাখনৰ ভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰাপ্তিৰ আশা পালি কুচকাৱাজ আৰম্ভ কৰিছে। তিনিচুকীয়াত এনে ঘটনাও ঘটিছে যে নিজকে আৰ্ এছ্ এছ্ ৰ মানুহ বুলি গৰ্ব কৰা হাজৰিকা উপাধিৰ (একাধিক গোচৰ থকা) ব্যক্তি এজনে বিজেপিৰ এজন জনপ্ৰতিনিধি আৰু নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ আশা পালি থকা গোঁ‌হাই উপাধিৰ ৰাজ্যিক সমিতিৰ এজন বিষয়ববীয়াৰ ভেটিত সিন্ধি দিয়াৰ ব্লু-প্ৰিণ্ট ৰচনা কৰাৰ খবৰো পোৱা গৈছে। কেৱল সিমানেই নহয় তিনিচুকীয়াৰ নিৰ্দিষ্ট সমষ্টিটোৰ টিকট প্ৰাপ্তিৰ বাবে তেওঁ ‘টাবিজ’ বিচাৰি মায়ামৰা গোঁ‌সাইৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ আমোদজনক খবৰো পোৱা গৈছে।

You might also like