নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুত স্থান নাই উজনি-নামনিৰ চিন্তাৰ : শিৱসাগৰত সাত জিলাৰ শীৰ্ষ নেতৃত্বৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যতম পুৰণি আগশাৰীৰ ছাত্ৰ সংগঠন হিচাবে পৰিচিত সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খোদ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে প্ৰেমত প্ৰতাৰণাকে ধৰি কেতবোৰ লজ্জানত অভিযোগ উঠাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমূল চাঞ্চল্যৰ৷ আন নালাগে সংগঠনটোৰ উজনি নামনিৰ শিবিৰত বিভক্ত হব বুলি বিভিন্ন মাধ্যমত চৰ্চা অব্যাহত থকাৰ সময়তেই আজি শিৱসাগৰত অনুষ্ঠিত হয় আছুৰ উজনি অসমৰ সাতখন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিৰে এখন গুৰুত্বপূৰ্ণ বৈঠক। জানিব পৰা মতে আছুৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ শক্তিশালী কাৰ্য্যনিৰ্বাহক তথা পুৰ্বৰ অধিবেশনত সাধাৰণ সম্পাদকৰ অন্যতম দাবীদাৰ সমীৰণ ফুকনৰ তৎপৰতা আৰু সহযোগতেই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় কেন্দ্ৰীয় শ্বহীদ উদ্যানত উক্ত বিশেষ  বৈঠকখনি  সম্পন্ন হয়। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ বিশেষ উদ্যোগত আয়োজিত আজিৰ এই বৈঠক সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ বিবেচিত হোৱাৰ লগতে আগন্তক দিনত সমীৰণ ফুকনৰ দৰে শক্তিশালী সৰ্ব গ্ৰহণযোগ্য আহোম জনগোষ্ঠীৰ নেতাক সাধাৰণ সম্পাদকৰ পদত অধিস্থিত কৰাৰ চুড়ান্ত আখৰা হিচাবে চৰ্চিত হৈছে৷ উল্লেখ্য যে আজি অনুস্থিত বিশেষভাৱে চৰ্চিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, ধেমাজি আৰু লক্ষীমপুৰ জিলা আছুৰ সভাপতি, সাধাৰণ সম্পাদক আৰু উপদেষ্টা সহিতে শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷ তাৰোপৰি উক্ত জিলাকেইখনৰ পৰা কেন্দ্ৰীয় সমিতিক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় উপ সভাপতি অভিৱৰ্তন গোস্বামী, সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়া, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা, সাংগঠনিক সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি কলিতা, কৃষ্ণজ্যোতি হাজৰিকা আৰু ৰংগৰস মহন্তই অংশগ্ৰহণ কৰে৷ প্ৰায় এঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সকলোৱে আছুত উজনি নামনিৰ চিন্তাৰ স্থান নাই, ছাত্ৰ সন্থা সমগ্ৰ অসমৰে সন্তান, অসমৰ প্ৰতিটো অঞ্চল, জাতীয় জীৱনক লৈ চিন্তিত সন্থা বুলি মন্তব্য কৰাৰ লগতে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰি যাবলৈ ৰাইজৰ অভিভাৱকত্ব বিচৰাৰ লগতে এনেধৰণৰ অবাঞ্ছনীয় কথা বতৰাই যাতে আছুৰ সংগ্ৰামী সত্বা আৰু মূল ধাৰাক কোনো কাৰণতেই বিচ্ছিন্ন কৰিব নোৱাৰে তাৰ বাবে সন্থাৰ সকলো কৰ্মীকে মনোবল বৃদ্ধি কৰি আগুৱাই যোৱাৰ সংকল্প লোৱাৰ আহ্বান জনায়৷ বৈঠকত সমবেত আছুৰ নেতৃত্বই বিতৰ্কৰ মাজত সোমাই পৰা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শ ইতিবাচক হিচাপে গ্ৰহণ কৰি সাধাৰণ সম্পাদক পদৰ পৰা  অব্যাহতি  লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লক্ষ্যণীয় যে বৈঠকত উপস্থিত নাথাকে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আছুৰ প্ৰতিনিধি। উল্লেখযোগ্য যে আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ বাবে চৰ্চা চলিছে শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰা কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ নাম। বিগত মৰিগাঁও অধিবেশনতো আছুৰ গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদকৰ পদবীৰ দাবীদাৰ আছিল সমীৰণ ফুকন। কিন্তু বিগত কাৰ্যকালত সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা সমীৰণ ফুকন এইবাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপেহে থাকিব লগা হয়। কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত পুনৰ সাধাৰণ সম্পাদকৰ বাবে চৰ্চিত হৈছে শিৱসাগৰৰ ছাত্ৰনেতা জনৰ নাম। কিয়নো সমীৰণ ফুকনে উজনি অসমৰ এগৰাকী জনপ্ৰিয় দক্ষ ছাত্ৰ নেতা হিচাবে পৰিচিত হোৱাৰ লগতে এগৰাকী আহোম সম্প্ৰদায়ৰ সন্তান৷ বিশেষকৈ উজনি অসমজুৰি সৰ্বাধিক প্ৰভাৱ থকা আহোম সম্প্ৰদায়ৰ সমীৰণ ফুকনক দীৰ্ঘ সময় ধৰি আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বত ৰাইজে বিচাৰি আছে ৷ শেহতীয়াকৈ সমাজীক মাধ্যমতো বিগত ৭২ ঘন্টা ধৰি সমীৰণ ফুকন বৰ্তমান সময়ত আছুক নেতৃত্ব দিব পৰা সৰ্বগ্ৰহণযোগ্য নেতা হিচাবে ব্যাপক চৰ্চা অব্যাহত আছে৷ তেনে পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰত সমীৰণ ফুকনৰ নেতৃত্বত আছুৰ উজনি অসমৰ সাত জিলাৰ গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হোৱা কথাই যথেষ্ট তাৎপৰ্য বহন কৰাৰ লগতে আছুৰ এক শীৰ্ষ সূত্ৰই সমীৰণ ফুকনেই আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক বুলি নিশ্ছিত কৰিছে৷ অৱশ্যে কেতবোৰ কাৰিকৰী দিশ সম্পুৰ্ণ হোৱাৰ পিছত অচিৰেই আনুস্থানিকভাৱে উজনি অসমৰ শক্তিশালী আছু নেতা সমীৰণ ফুকনেই বুলি ঘোষণা কৰিব বুলি নিৰ্ভৰযোগ্য সুত্ৰটোৱে নিয়মীয়া বাৰ্তাক জানিবলৈ দিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like