নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দবা–কাঁহ বজাই গণ হুংকাৰেৰে চৰকাৰক সকীয়নি আছুৰ

‘কা’বিৰোধী আন্দোলন তীব্রতৰ কৰাৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ  নাগৰিকত্ব সংশোধনী আইন (কা) গৃহীত হোৱাৰ আজি এবছৰ সম্পূর্ণ হোৱাৰ সময়ত পুনৰ ৰাজ্যজুৰি তীব্রতৰ হৈ উঠিছে ‘কা’বিৰোধী আন্দোলন৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ক্রমাৎ স্তিমিত হৈ পৰা এই আন্দোলন তীব্রতৰৰ পৰা অধিক তীব্রতৰ কৰিবলৈ সংকল্প লৈছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ গুৱাহাটীৰ হাতীগাঁও হাইস্কুল প্রাংগণত অনুষ্ঠিত পঞ্চ শ্বহীদ স্মৰণ অনুষ্ঠানত দবা–কাঁহ–বৰতাল– বজাই গণ হুংকাৰেৰে দিল্লী–দিছপুৰক পুনৰ সকীয়নি দিছে আছুৱে৷ পঞ্চ শ্বহীদৰ প্রতিচ্ছবিত মাল্যার্পণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ছাত্র সন্থাৰ লগতে অসমৰ শিল্পী সমাজে ‘কা’ বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্রদান কৰি উত্তৰ–পূব ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে জাতি সদায় আঁউসীৰ অন্ধকাৰত নাথাকে৷ এদিন পূর্ণিমা হ’বই৷ আন্দোলন চলিছিল আৰু আগলৈও চলিব বুলি হুংকাৰ দি ড০ ভট্টাচার্যই কয়– ‘সদৌ অসম ছাত্র সন্থা মানেই এক অবিৰত সংগ্রামী সত্তা৷ ‘কা’বিৰোধী আন্দোলন কেতিয়াও স্তব্ধ নহয়৷ লকডাউনে মানুহৰ জীৱনশৈলী সলনি কৰিলে৷ আমিও আন্দোলনৰ কৌশল সলনি কৰিব লাগিব৷ কাম–কাজো কৰিব লাগিব, শিক্ষার্থীয়ে পঢ়া–শুনাও কৰিব৷ ইয়াৰ লগে লগে আন্দোলন চলি থাকিব৷ মর্যাদা সহকাৰে জীয়াই থকাৰ বাবেও অর্থনৈতিক সংগ্রাম আমি আৰম্ভ কৰিব লাগিব৷ নতুন নতুন দিশেৰে ‘কা’বিৰোধী আন্দোলন আগুৱাই নিব লাগিব৷’ কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ এইবুলিও কয় যে সংখ্যা আছে বাবেই দিল্লী–দিছপুৰে আমাৰ ওপৰত সিদ্ধান্ত জাপি দিব আৰু আমি মানি ল’ম– এয়া কেতিয়াও হ’ব নোৱাৰে৷ আমি নামানো আৰু কেতিয়াও নসহোঁ৷ অসমত খিলঞ্জীয়াৰ প্রভুত্ব, অক্ষুণ্ণ আৰু নিয়ন্ত্রণ সদায় থাকিব লাগিব৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি আছুৰ নৱনির্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে আজিৰ দিনটো সমগ্র অসমৰ বাবে এক ঐতিহাসিক দিন হৈ ৰ’ব৷ ক’ৰোনাৰ সংক্রমণৰ মাজতে প্রলোভনৰ ৰাজনীতিৰে ‘কা’বিৰোধী আন্দোলন চৰকাৰী যন্ত্রই মষিমূৰ কৰাৰ ষড়যন্ত্র ৰচিছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমীয়া জাতিৰ ঐক্যবদ্ধ সংগ্রাম কোনো ৰাজনৈতিক প্রলোভনেৰে মষিমূৰ কৰিব নোৱাৰে৷ দমন নীতি আৰু প্রলোভনৰ ৰাজনীতিৰে অসমীয়া ৰাইজক আন্দোলনৰ পথৰ পৰা তিলমানো বিচলিত কৰিব নোৱাৰে চৰকাৰে৷ আমাৰ প্রাপ্য আমি ল’মেই৷ আৰু নোপোৱাখিনিৰ বাবেও আন্দোলন কৰিম৷’ আগন্তুক দিনত ‘কা’বিৰোধী আন্দোলন অধিক তীব্রতৰ কৰি তোলা হ’ব বুলি তেওঁ সদৰী কৰে৷ অভিনেত্রী বৰষাৰাণী বিষয়াই অনুষ্ঠানত উদাত্ত ভাষণ প্রদান কৰি কয়– কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে৷ তেওঁলোকে ৬ নম্বৰ দফাৰ কথা কয়৷ সেয়া আমাৰ প্রাপ্য, অধিকাৰ৷ ’৫১ৰ পৰা ’৭১লৈ বিদেশীৰ বোজা লোৱাৰ বাবে ৬ নম্বৰ দফা প্রদান কৰা হৈছে৷ ‘কা’বিৰোধী আন্দোলনে অসমীয়া জাতিৰ তেজত যে জাতীয় চেতনা এতিয়াও জাগ্রত হৈ আছে, সেয়া প্রমাণ কৰিলে বুলি অভিনেত্রীগৰাকীয়ে উল্লেখ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰে শিল্পী জুবিন গার্গেও৷ উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে পঞ্চ শ্বহীদক স্মৰণ কৰি সর্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হয়৷ সন্ধিয়া হাতীগাঁও হাইস্কুল প্রাংগণত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷
ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ ‘জাতীয় গর্জন’
‘কা’ বাতিলৰ দাবীৰে আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰূপায়ণ কৰে ‘জাতীয় গর্জন’ কার্যসূচী৷ লগতে অখিল গগৈৰ মুক্তিৰ দাবীও উত্থাপন কৰে সংগঠনটোৱে৷ জাতীয় গর্জন কার্যসূচীত কোনো কোনো জিলাত পঞ্চ শ্বহীদৰ সোঁৱৰণত সংগ্রামী গীত–মাত–কবিতা পৰিৱেশন কৰা পৰিলক্ষিত হয়৷ প্রতিবাদকাৰীসকলে ‘কা’ বাতিল কৰিবই লাগিব, বিজেপি চৰকাৰ হায় হায়, সর্বানন্দ সোণোৱাল হুচিয়াৰ, পঞ্চ শ্বহীদৰ ত্যাগ অথলে যাবলৈ দিয়া নহ’ব ইত্যাদি শ্লোগানেৰে আজি প্রতিবাদমুখৰ হৈ পৰে৷ বিভিন্ন স্থানত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্রতিবাদকাৰীসকলে ক্ষোভ উজাৰে৷ নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত আজি উত্তাল হয় তিনিচুকীয়া জিলা সদৰ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত সংগঠনটোৱে ৰূপায়ণ কৰে এই কার্যসূচী৷ অনুৰূপ ধৰণে কার্যসূচী ৰূপায়ণ কৰা হয় ডিব্রুগড় জিলাৰ চৌকিডিঙিত৷ চৰাইদেউ জিলাৰ সোণাৰিতো ৰূপায়ণ কৰা হয় ‘জাতীয় গর্জন’ কার্যসূচী৷ চৰাইদেউ জিলাৰ মৰাণ ছাত্র মুক্তি সংগ্রাম সমিতিয়ে এহাজাৰ চাকি জ্বলাই ‘কা’বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক সোঁৱৰণ কৰে৷ শিৱসাগৰ জিলাৰ আমগুৰি চহৰতো ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কার্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে৷ যোৰহাটত কৃষক মুক্তি সংগ্রাম সমিতি আৰু অন্যান্য সংগঠনৰ যৌথ প্রচেষ্টাত ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ গোলাঘাটতো জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত ‘জাতীয় গর্জন’ ৰূপায়ণ কৰে সংগঠনটোৱে৷ নগাঁও জিলাতো নগাঁও মহাবিদ্যালয়ৰ সন্মুখত কার্যসূচী ৰূপায়ণ কৰা হয়৷ মৰিগাঁও জিলাতো অনুৰূপ ধৰণে কার্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে৷ ইফালে গুৱাহাটীতো ‘কা’বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত হোৱা প্রতিবাদী কার্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অংশগ্রহণ কৰে৷ বৰপেটা, গোৱালপাৰা, ধেমাজি, লখিমপুৰ, বঙাইগাঁও, দৰং আদি জিলাতো ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত ‘জাতীয় গর্জন’ কার্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে৷ অনুৰূপ ধৰণে কাছাৰ, হাইলাকান্দি আদি জিলাতো কৃষক মুক্তি সংগ্রাম সমিতিয়ে ‘জাতীয় গর্জন’ কার্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়৷ আজি কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে ‘কা’ আন্দোলন পূর্বতকৈ অধিক তীব্রতৰ কৰা হ’ব৷
‘কা’ বাতিলৰ দাবীত যোৰহাটত আছু আৰু ৩০ সংগঠনৰ বিশাল প্রতিবাদী কার্যসূচী
সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমর্মে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত আৰু ‘কা’ আন্দোলনৰ ৫গৰাকী নিৰপৰাধী ব্যক্তিৰ হত্যাকাণ্ডৰ উচ্চ পর্যায়ৰ তদন্তৰ দাবীৰে শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাই সদৌ যোৰহাট জিলা ছাত্র সন্থাই যোৰহাট জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত বিশাল ‘গণ হুংকাৰ’ কার্যসূচী ৰূপায়ণ কৰে৷ কার্যসূচীৰ আৰম্ভণিতে ‘কা’ আন্দোলনৰ শ্বহীদসকলৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰা হয়৷ পঞ্চ শ্বহীদক আৱেগিক স্মৰণ কৰি প্রতিবাদকাৰীয়ে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে৷ ‘জাতীয় শ্বহীদ অমৰ হওক’, ‘কা আমি নামানোঁ’, ‘বুজাই আমাক লাভ নাই’, ‘আপুনি আহিলে বাচিব দেশ, নহ’লে হ’ব বাংলাদেশ’, ‘নাগপুৰীয়া আৰ এছ এছৰ ষডযন্ত্র অসমত নচলিব’, ‘অসমীয়া জিন্দাবাদ’, ‘জনগোষ্ঠীয় ঐক্য জিন্দাবাদ’, ‘ঐক্যবদ্ধ সংগ্রাম দীর্ঘজীৱী হওক’ ইত্যাদি শ্লোগানেৰে জিলা ছাত্র সন্থাৰ হাজাৰৰোধিক প্রতিবাদকাৰীয়ে প্রতিবাদস্থলীৰ আকাশ–বতাহ কঁপাই তোলে৷ সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা প্রতিবাদী কার্যসূচীত ‘আছু’ৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয়– ‘বিজেপি হতাও, জাতি বচাও’ অভিযানৰ এয়া আৰম্ভণি৷ অসমীয়া মানুহৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ কাঢ়ি এইখন চৰকাৰে অসমীয়া জাতি সত্তাক নিঃশেষ কৰি পেলাব বিচাৰিছে৷ ক্ষমতাৰ লালসাত লালায়িত হৈ ঐতিহাসিক পটভূমিত জন্ম হোৱা অসম গণ পৰিষদ দলৰ নেতৃত্বয়ো অত্যন্ত নির্লজ্জজনকভাৱে নাগপুৰীয়া আৰ এছ এছৰ ওচৰত আঁঠু কাঢ়ি আত্মসমর্পণ কৰিলে৷ খাউণ্ডে লগতে কয়– ৰাইজ যেতিয়া জাগে, ৰজা তেতিয়াই ভাগে, বিজেপিৰো সেই দশাই হ’ব৷ প্রতিবাদস্থলীত উপস্থিত থাকি এ জে ৱাই চি পিৰ যোৰহাট জিলাৰ ভাৰপ্রাপ্ত সভাপতি উপেন কলিতাই কয়– ‘কা’ বাতিল নকৰা পর্যন্ত নিৰৱচ্ছিন্ন সংগ্রাম হ’ব আৰু ৰাইজৰ অভিভাৱকত্বত এই সংগ্রাম পূর্বৰ দৰে জোৰদাৰ কৰি তোলা হ’ব৷ চৰকাৰী পক্ষই সংগ্রামী জনতাৰ ওপৰত হাজাৰ দমন, প্রলোভন, বিভাজন নীতি প্রয়োগ কৰিলেও সফল কেতিয়াও নহ’ব৷ ‘কা’বিৰোধী ঐক্যমঞ্চৰ সভাপতি নিৰঞ্জন মহন্তই কয়– সাম্প্রদায়িক, অসংবিধানিক, উত্তৰ–পূর্বাঞ্চলবিৰ্ তথা অসম চুক্তিক উলংঘা কৰা ‘কা’ অসমৰ মানুহে কেতিয়াও মানি নলয়৷ বিজেপিৰ সাম্প্রদায়িক ষডযন্ত্রক অসমত কার্যকৰী হ’বলৈ কদাপি দিয়া নহ’ব৷ বিশিষ্ট অধিবক্তা সুদীপ্ত নয়ন গোস্বামীয়ে কয়– পৃথিৱীৰ সর্ববৃহৎ গণতন্ত্রৰ আত্মাস্বৰূপ ভাৰতবর্ষৰ পৱিত্র সংবিধানখনৰ প্রস্তাৱনাত আঘাত কৰা এই ক’লা আইনখন চৰকাৰে কেৱল সংখ্যাগৰিষ্ঠতাৰ জোৰেৰে বলপূর্বকভাৱে অসমীয়াৰ ওপৰত জাপি দি ১৮৮৩ চনৰ পৰা অসমত ব্যৱস্থা থকা (কার্যকৰী নোহোৱা) আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থালৈও অনিশ্চয়তা নমাই আনিলে৷ শৃংখলাবদ্ধ ৰূপত অহিংস আৰু গণতান্ত্রিক পন্থা গ্রহণ কৰি দীঘলীয়া পৰিক্রমাৰে জাতীয় জীৱনৰ এই মহাসংগ্রামখন আগুৱাই নিয়াৰ পোষকতা কৰে অধিবক্তাগৰাকীয়ে৷ আজিৰ প্রতিবাদী কার্যসূচীত প্রাক্তন ছাত্র নেতা নীৰেন শর্মা, আছুৰ ৰাজ্যিক কার্যনির্বাহক সদস্য জিতু নেওগ, জিলা ছাত্র সন্থাৰ উপদেষ্টাদ্বয় মানৱ সোণোৱাল আৰু ৰাজীৱ বৰা, সাধাৰণ সম্পাদক দীপ দত্ত আদিয়ে অংশগ্রহণ কৰে৷ বাতৰিকাকতলৈ প্রেৰণ কৰা এক বিবৃতিত জিলা ছাত্র সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়– কেন্দ্রীয় সমিতিৰ আহ্বানমর্মে ‘কা’ আন্দোলনৰ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাই জিলা ছাত্র সন্থাৰ অন্তর্গত ১৬খন আঞ্চলিক ছাত্র সন্থাৰ সমূহ শ্বহীদ বেদী আৰু ৰাজহুৱা স্থানত আজি সন্ধিয়া বন্তি প্রজ্বলন কৰা হয়৷
ডিব্রুগডত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জাতীয় সংগঠনৰ প্রতিবাদ
ডিব্রুগডত আজি পুনৰ জাতিধ্বংসী ‘কা’ বাতিলৰ দাবীত আৰু এই আন্দোলনৰে জডিত হৈ পুলিচৰ বর্বৰতাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা পঞ্চ শ্বহীদৰ স্মৃতিত সদৌ ডিব্রুগড জিলা ছাত্র সন্থাই শ্বহীদ ভৱন প্রাংগণত গণ হুংকাৰ কার্যসূচী ৰূপায়ণ কৰে৷ সদৌ ডিব্রুগড জিলা ছাত্র সন্থাৰ উদ্যোগত পুৱা ১১ বজাৰ পৰা শংখ–দবা–ঢ়োল–তাল বজাই পালন কৰা এই প্রতিবাদী কার্যসূচীত সদৌ ডিব্রুগড জিলা ছাত্র সন্থাৰ সভাপতি বুলবুল দত্ত, সদৌ ডিব্রুগড ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ আৰু সাধাৰণ সম্পাদক গুঞ্জন মেচকে প্রমুখ্য কৰি জিলা, সদৰ আৰু জিলা ছাত্র সন্থাৰ অন্তর্গত বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠানে অংশগ্রহণ কৰি চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ জাতিদ্রোহী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি সমগ্র ৰাজ্যখনৰ লগতে ডিব্রুগড জিলাতো তীব্র প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ তদুপৰি চৰকাৰে ‘কা’ আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত প্রাণ আহুতি দিয়া ঘটনাৰ তদন্ত দাবী কৰে৷ এই আন্দোলনত জডিতসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ উচিত তদন্তৰ দাবীত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ ‘কা’ বাতিল নোহোৱা পর্যন্ত ধাৰাবাহিকভাৱে এই আন্দোলনৰ কার্যসূচী চলি থাকিব বুলি আজি এই প্রতিবাদী কার্যসূচীত মুকলিকৈ ঘোষণা কৰে৷ আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিৰ ডিব্রুগড জিলা সমিতিয়ে ‘গর্জন’ কার্যসূচী ৰূপায়ণ কৰি কৃষক নেতা অখিল গগৈ, দেৱাংগ কলিতা, দীপনজ্যোতি ফুকনৰ মুক্তি দাবী কৰে৷ ডিব্রুগড জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ যুটীয়া সম্পাদক হেমন্ত কোঁৱৰকে প্রমুখ্য কৰি সংগঠনটোৰ বিষয়ববীয়াৰ উপস্থিতিত চৰকাৰবিৰোধী শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে প্রতিবাদকাৰীসকলে৷ নেতাকেইগৰাকীৰ মুক্তি নোহোৱা পর্যন্ত আৰু ‘কা’ বাতিল নকৰা পর্যন্ত এই প্রতিবাদ অব্যাহত থাকিব বুলি প্রতিবাদকাৰী নেতাসকলে হুংকাৰ দিয়ে৷

You might also like