নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি চৰাই বাহী আঞ্চলিক ছাত্ৰ সন্থাই চৰাইবাহীৰ মাজ মজিয়াত ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী । চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি বৰুৱাৰ নেতৃত্বত চৰাইবাহী চন্দ্ৰপুৰত ৰুপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন অতিশীঘ্ৰে বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ গ’ বেক, অসম চৰকাৰ হাই হাই, ধৰ্মৰ ভিত্তিত বিদেশী ভাগ ভাগ নচলিব, অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰক আদি ধ্বনিৰে সমগ্ৰ চৰাইবাহী অঞ্চল কপাই তোলে, কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে কয় কৰনা ভয়াবহ তাৰ বাবে কা আন্দোলন ৰাজপথত কিছুদিনৰ বাবে স্থগিত আছিল,মৰিগাঁও বাসী ৰাইজে কা” কেতিয়াও মনা নাই আৰু নামানে । নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে যি হিন্দু বাংলাদেশী অসমত সংস্থাপিত কৰাৰ ষড়যন্ত্ৰ কৰিছে সেইয়া কেতিয়াও সফল হব নোৱাৰে । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত শৰনাপন্ন হৈ এই জাতিধ্বংসী আইন খন মানি লব পাৰে অসমবাসী ৰাইজে কেতিয়াও এই আইন মনা নাই আৰু নামানে । জিলা আছু সাধাৰণ সম্পাদক গৰাকীয়ে কয় চৰকাৰে কা বাতিল নকৰালৈকে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব, কা” অসমৰ পৰা বাতিল কৰিবই লাগিব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে, দুমুখীয়া নীতি গ্ৰহণ কৰি অসম গণ পৰিষদ দলটোৱে কেৱল ৰাইজক বিশ্বাসঘাতকতা কৰিলে । সেয়েহে আগষ্ট মাহৰ পৰাই পুনৰ জিলাখনত কা” বিৰোধী সংগ্ৰাম তীব্ৰতৰ হৈ উঠিব । উক্ত কাৰ্যসূচীত বাৰপূজীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তথা জিলা কাৰ্যনিৰ্বাহক ইন্দ্ৰ কুমাৰ নাথ, আছু বিষয় ববীয়া সকল উপস্থিত থাকে বুলি চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুলদীপ নাথ আদি উপস্থিত থাকে ।