আব্দুল খালেকৰ পদত্যাগক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি
🎯ধুবুৰীত শলঠেকত ৰকিবুল হুছেইন
🎯গোৱালপাৰাত কংগ্ৰেছৰ ভিতৰচৰাৰ চলিছে বিসম্বাদ
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৬ মাৰ্চঃ ধুবুৰীত লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক দলীয় টিকট দিয়াৰ পাছতেই গোৱালপাৰা জিলাত একাংশ কংগ্ৰেছীৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। যাৰ ফলত আগন্তুক নিৰ্বাচনত স্বয়ং কংগ্ৰেছীৰ বাবেই শলঠেকত পৰাটো নিশ্চিত হৈছে ৰকিবুল হুছেইনৰ। ইফালে বৰপেটাৰ সাংসদ আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰাৰ লগেই লগেই গোৱালপাৰা জিলাৰ প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে৷ জিলাখনত কংগ্ৰেছ শিৱিৰত চলা এই বিসম্বাদে চিন্তিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিকো৷ প্ৰাপ্ত তথ্যমতে, পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ধুবুৰীত ৰকিবুল হুছেইনক টিকট দিয়াৰ পাছতে যোৱা ১০ মাৰ্চত কংগ্ৰেছৰ হাইকমাণ্ডলৈ এখন চিঠি লিখি মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে। অকল চিঠি লিখাই নহয় বিগত কিছুদিন সংবাদমাধ্যমৰ আগত মুকলিকৈ ৰকিবুল হুছেইনৰ বিৰোধ কৰি আহিছে । ইতিমধ্যে কংগ্ৰেছৰ হাইকামাণ্ডে ৰছিদ মণ্ডলক সংযম হবলৈ নিৰ্দেশ দিছে যদিও নাচোৰবান্ধা হৈ মুকলিকৈ ৰকিবুল হুছেইনৰ বিপক্ষে মন্তব্য কৰিছে। যাৰ ফলত জিলাখনত কংগ্ৰেছৰ দুটা শিৱিৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছে। বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগত থকা জিলাখনৰ ভালেসংখ্যক দলীয় নেতাৰ কেবা সহস্ৰাধিক তৃণমূল কংগ্ৰেছীয়ে অচিৰেই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰিব বুলি এক নিশ্চিত তথ্য পোহৰলৈ আহিছে। ইফালে পূৰ্বৰ পৰাই ৰকিবুল হুছেইনৰ বিপক্ষে মাত মাতি অহা বিধায়ক ৰছিদ মণ্ডলে কিছুদিন পূৰ্বে আঞ্চলিক দল অগপত যোগদানৰ যো-জা চলোৱাৰ বাতৰি পোহৰলৈ আহিছিল যদিও শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ এআইইউডিএফ দলত যোগদান কৰিব বুলি জানিবপৰা গৈছে। প্ৰাপ্ত তথ্যমতে, বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সম্প্ৰতি বহিঃৰাজ্যত থকা এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি এক সূত্ৰত প্ৰকাশ হৈছে। ইফালে আজি সংবাদমাধ্যমৰ আগত মন্তব্য কৰি সতীৰ্থ বিধায়ক ৰছিদ মণ্ডলৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক এ কে ৰছিদ আলমে কয় যে ৰছিদ মণ্ডল কংগ্ৰেছৰ পৰা গলেও একো ক্ষতি নহয়। বহুতে আহিল বহুতে গ’ল ৷ ধুবুৰীত এইবাৰ কংগ্ৰেছক হিয়া উজাৰি ভোট দিব ৰাইজে। বিপুল ভোটত আমি জয়ী হমেই। ৰছিদ মণ্ডলৰ স্থিতি একেবাৰে ঠিক নহয়৷ ৰছিদ মণ্ডলে কেতিয়াবা আঞ্চলিক দল অগপক সমৰ্থন কৰে আৰু কেতিয়াবা এআইইউডিএফক সমৰ্থন কৰে। এগৰাকী হাজী মানুহ হৈ জাতপাতৰ কথা কৈ চিঠি লিখে হাইকমাণ্ডলৈ। আচলতে ৰছিদ মণ্ডল কোনো দলৰেই নহয়। আনকি নিজৰ পৰিয়াল তথা পত্নীৰো নহয় ৰছিদ মণ্ডল। কাৰন ৰছিদ মণ্ডল কি কয় নিজেই নাজানে বুলি মন্তব্য কৰে বিধায়ক এ কে ৰছিদ আলমে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা