শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে যোৰহাটৰ অভী কাশ্যপ শৰ্মাই
সঞ্জীৱ হাজৰিকাৰ প্ৰতিবেদনঃ সঁচাকৈ বোকাত হে পদুম ফুলে। সেইয়া প্ৰমাণ কৰি দেখুৱাইছে যোৰহাটৰ অভি কাশ্যপ শৰ্মাই। সৰুতেই পিতৃক হেৰুৱাই কেৱল মাতৃৰ আৱদাৰত ডাঙৰ হোৱা যোৰহাট জোনাকী সংঘ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্ট্ৰম শ্ৰেণীৰ ছাত্ৰ অভি কাশ্যপ শৰ্মাৰ প্ৰতিভা দেখি অভিভূত হৈ পৰিছে এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ বহু লোক। অভীক প্ৰশংসা ৰে উপচাই পেলাইছে সাংস্কৃতিক প্ৰেমী লোক সকলে। খোল , ঢোল, পেঁপা,বাঁহী আৰু মুৰুলি সুন্দৰকৈ বজোৱা লগতে সুন্দৰ ছবি অংকন কৰিব পাৰে অভিয়ে। অলপতে মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃ ৰাষ্ট্ৰীয় এক প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি গৌৰৱ অৰ্জিছে অভীয়ে।বাদ্যযন্ত্ৰ শাখাত বাঁহীবাদক হিচাপে অৱতীৰ্ণ হৈ বাঁহীবাদনত শ্ৰেষ্ঠতা প্ৰদৰ্শণ কৰি দ্বিতীয় অlন্ত: ৰাষ্ট্ৰীয় মুম্বাই কlৰ্নিভেল ২০২৪ ত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ পlৰফৰ্মমাৰ অৱ দা কম্পিটিছন আৰু শ্ৰেষ্ঠ বাঁহীবাদক হিচাপে বলিউড আইকণিক ষ্টাৰ এৱাৰ্ড ২০২৪ লাভ কৰি যোৰহাট মিলন নগৰৰ ১৪ বছৰ বয়সীয়া কণমানি অভি কাশ্যপ শৰ্মায়ে যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে। দেশৰ বহু প্ৰতিযোগীক চেৰ পেলাই শ্ৰেষ্ঠতা অৰ্জন কৰে অভিযে । অভি শৰ্মাৰ এই কৃতিত্বত যোৰহাট বাসী উৎফুল্লিত ।তেওঁ লাভ কৰা এই বঁটাৰ বাবে যোৰহাট জোনাকী সংঘ বিদ্যালয়ে অভিনন্দন জ্ঞাপন কৰা লগতে বিভিন্ন দল সংগঠনে অভিক মৰম আৰু শুভেচ্ছা জনাইছে। মাতৃযে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি ভাৰা ঘৰত ৰাখি অভিৰ সপোন বোৰ সফল কৰাত যথেষ্ট চেষ্টা চলাই আহিছে। গুৱাহাটী জ্যোতি চিত্ৰবনত হোৱা বাঁহী বাদনৰ এক অনুষ্ঠানত শ্ৰেষ্ঠ হৈ অভিয়ে মুম্বাইলৈ যোৱা সুবিধা লাভ কৰিছিল যদিও আৰ্থিক অনাটনৰ বাবে পিছ পৰি ৰোৱাত জিলা আয়ুক্ত, আৰু যোৰহাটৰ বিভিন্ন মানৱ দৰদি লোকে সহায় কৰাত অভিৰ সপোন পূৰণ হৈছিল। বাঁহী বাদনৰ লগতে অভিৰ আছে বহু পাৰদৰ্শিতা । গীতাৰ, নেগেৰা ,ঢোল সুন্দৰকৈ বজোৱা লগতে তেওঁ এজন চিত্ৰ শিল্পী। তেওঁ স্থানীয় যোৰহাট মাছৰ হাতৰ নামঘৰলৈ ভগৱান নৰসিংহৰ মূৰ্তিৰ এখন চিত্ৰ অংকন কৰি নামঘৰ ভাগলৈ দান কৰে আৰু সেই চিত্ৰ খন দেখি বিভিন্ন জন লোকে ভূয়সী প্ৰশংসা কৰে। তাৰোপৰি অভিযে বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ থামকলত হাতেৰে কাটি বিভিন্ন মূৰ্তি নিৰ্মাণ কৰি উলিয়ায় ৰাইজৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কেইবাটাও টোকাৰী গীতত বাঁহী বাদনৰ লগতে বিগত সময়ত কেইবাখনো ৰাস মঞ্চত বাঁহী বাদনেৰে ৰাইজৰ মৰম বুতলিবলৈ সক্ষম হৈছে অভি। অতি কম বয়সতে অভিযে গোলাঘাট ,শিৱসাগৰ, বোকাখাট বিভিন্ন বিদ্যালয়ৰ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি সুমধুৰ বক্তৃতা আৰু বাঁহী বাদন কৰি মৰম পাবলৈ সক্ষম হৈছে। অভি কাশ্যপ শৰ্মাৰ যি পাৰদৰ্শিতা আছে সেয়া সদায় অটুট থাকক তাৰে আমাৰ সদায় কামনা।