নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাতক অভিমন্যুক গ্ৰেপ্তাৰৰ চক্ৰবেহু অসম আৰক্ষীৰ

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ টকাৰ বিনিময়ত চাকৰিৰ ঘটনাত জড়িত পলাতক অভিমন্যু দাসক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। পুনৰ নেপাল তিব্বত সীমান্তত ধৰা পেলোৱা হৈছে পলাতক অভিমন্যুৰ অৱস্থিতি। অসম আৰক্ষীৰ এক শীৰ্ষ মহল সঘন যোগাযোগত আছে নেপালৰ বৈদশিক উচ্চ আয়োগৰ কাৰ্যালয়ৰ লগত। পলাতক অভিমন্যুক আটকৰ প্ৰয়োজনীয় অনুমতিৰ বাবে ইতিমধ্য অসম আৰক্ষীয়ে প্ৰেৰণ কৰিলে পত্ৰ। নেপালৰ উচ্চ আয়োগলৈ পত্ৰ প্ৰেৰণ অসম আৰক্ষীৰ। অতি শীঘ্ৰেই পলাতক অভিমন্যু আৰু কুলদ্বীপ দাস আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। ঘটনাকাণ্ডৰ ১৬ দিন ওকলাৰ পিছতো আনগৰাকী অভিযুক্ত কুলদ্বীপ দাসো সম্প্ৰতি পলাতক। আৰক্ষীৰ ৰাডাৰত আন বহু চৰকাৰী চাকৰিৰ দালাল। জিলাই জিলাই থকা দ্বিবন, অনুৰাগ আৰু তৃষ্ণাৰ একাংশ চাকৰিৰ দালালৰ নাম সম্বলিত এখন বিশেষ লিষ্ট তৈয়াৰ তদন্তকাৰী আৰক্ষীৰ। এইসমূহ দালালৰ বাসস্থানত আৰক্ষীৰ অভিযানৰ সম্ভাৱনা প্ৰকট।

You might also like