বিশেষ বাৰ্তা, ২৫ অক্টোবৰঃ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী ৫৮ বছৰীয়া ধূৰ্ত মহিলাক, যিয়ে তেওঁৰ ভাতৃদ্বয়ৰ সৈতে প্ৰায় ১০০ কোটি টকাৰ মাটি বিক্ৰী কৰিছিল, য’ত তেওঁৰ খুলশালীয়েকসকলৰো সমান অংশীদাৰিত্ব আছিল। মহীশূৰ (কৰ্ণাটক)ৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেওঁক। মহিলাগৰাকীৰ নাম আবিদা জাফৰ স্মাইলী। মুম্বাই আৰক্ষীৰ ইকনমিক অফেন্সেছ উইঙে (ই অ’ ডব্লিউ) গ্ৰেপ্তাৰ কৰিছে তেওঁক। তেওঁ বিক্ৰী কৰা প্ৰায় দুবিঘা মাটি মুম্বাই চেণ্ট্ৰেলৰ এক প্ৰধান স্থান পাৰেলত অৱস্থিত। তেওঁৰ খুলশালীয়েকহঁতৰ ইয়াত সমান অংশীদাৰিত্ব আছিল যদিও তেওঁলোকক অৱগত নকৰাকৈয়ে তেওঁ মাটিখিনি ডেভেলপাৰক বিক্ৰী কৰি দিছিল। মহিলাগৰাকী কৰ্ণাটকৰ মহীশূৰৰ বাসিন্দা। যোৱা সপ্তাহত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক ৪৭নং মহানগৰ আদালতত হাজিৰ কৰা হয় আৰু জিম্মাত লোৱা হয় য’ত তেওঁক অহৰহ জেৰা অব্যাহত আছে। এই সন্দৰ্ভত স্মাইলীৰ খুলশালীয়েক আয়াজ কাপাডিয়াই এজাহাৰ দাখিল কৰিছিল, তাৰ পিছত আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীয়ে যি মাটি বিক্ৰী কৰিছে সেয়া আয়াজ কাপাদিয়াৰ প্ৰয়াত পিতৃ জাফৰ কাপাদিয়া আৰু তেওঁৰ ভাতৃ লতিফ কাপাদিয়াৰ নামত যৌথভাৱে পঞ্জীয়ন কৰা হৈছে। ধৃত মহিলাগৰাকী লতিফৰ ভগ্নী। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি তদন্তৰ সৈতে জড়িত এজন বিষয়াই কয় যে, “লতিফৰ তিনিজন ভাতৃ আৰু দুগৰাকী ভগ্নী আছে – আজিজ, ৰহিম, আমিনা, আবিদা আৰু মালিক। আনহাতে জাফৰৰ পৰিয়ালত ফাৰ্জানা, ৰুখছানা, ৰেহানা, আমিন আদি আছে।” তদন্তৰ অন্তত আৰক্ষীয়ে গম পালে যে আমিনাৰ হাতত সম্পত্তিৰ দায়িত্বত থকা পাৱাৰ অৱ এটৰ্নী আছে আৰু তাই ভাতৃদ্বয়ৰ সৈতে ষড়যন্ত্ৰ কৰে। তেওঁ ডেভেলপাৰৰ সৈতে নথি-পত্ৰ স্বাক্ষৰ কৰিছে, যাৰ বাবে তেওঁক ৩.৫ কোটি টকা দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ এই মাটিত নির্মাণ হ’ব লগা হাই ৰেইজত দুটা ফ্লেট প্রদানৰ বাবেও চুক্তি কৰা হৈছে৷ চুক্তিৰ পৰিমাণ কিমান আছিল সেয়া স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে এই তিনিটা সম্পত্তিৰ মূল্য ৫০ কোটি টকা বুলি অনুমান কৰিছে। প্ৰাথমিক জেৰাৰ সময়ত আমিনা আৰু তেওঁৰ দুই ভাতৃ ৰহিম আৰু মালিকক টকাৰ প্ৰয়োজন হোৱা বুলি জানিব পৰা যায়, সেয়েহে তেওঁলোকে ডেভেলপাৰৰ সৈতে গোপনে চুক্তি স্বাক্ষৰ কৰাৰ ষড়যন্ত্ৰ কৰে। এতিয়া আইনী জটিলতাৰ বাবে এই মাটিৰ উন্নয়নৰ কাম বন্ধ হৈ গৈছে।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক