নিয়মীয়া বাৰ্তা, ১১ জুলাই : কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ সমষ্টি পুণৰ নিৰ্ধাৰণৰ খচৰাৰ আপত্তি দাখিলৰ আজি অন্তিম দিন আছিল আৰু আজিৰ এই অন্তিম দিনৰ আগমূহুৰ্তত কালি ৰাজ্য চৰকাৰে ভৱানীপুৰ সমষ্টিৰ নামটো বৰনগৰ কৰিব লাগে বুলি নিৰ্বাচনী আয়োগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি বৃহত্তৰ ভৱানীপুৰ সমষ্টিৰ সৰ্বত্ৰ প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ ইতিহাসেৰে, শ্ৰীশ্ৰী গোপালদেৱ আতাই পূণ্যভূমিৰূপে গঢ়ি তোলা ইতিহাস প্ৰসিদ্ধ ভৱানীপুৰ সমষ্টিৰ নামটো অসম চৰকাৰে কৰ্তনৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দিয়া স্থলীতেই অৰ্থাৎ ভৱানীপুৰ চ’কত প্ৰতিবাদত উত্তাল হৈ পৰে। ভৱানীপুৰ চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আজি সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠিত হয় এখন বিশাল প্ৰতিবাদী সভা। ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ তালুকদাৰে আঁত ধৰা সভাত অগপৰ প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ড° মুকুন্দ শৰ্মা, অগপ নেতা বিপুলকৃষ্ণ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দীপক ঠাকুৰীয়া, ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চণ্ডী প্ৰসাদ দাস, ভৱানীপুৰ জ্যোষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বাবুল ডেকা,যুৱ কংগ্ৰেছ নেতা দিপাংকৰ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজন বায়ন, দিগ্বিজয় ডেকা, ভৱানীপুৰৰ যুৱ নেতা সুব্ৰত তালুকদাৰ, অসম সত্ৰ মহাসভাৰ উপ সভাপতি প্ৰসেনজিৎ মেধি, আম আদমী পাৰ্টিৰ নেতা গুৰু প্ৰসাদ দাস, কংকন তালুকদাৰ, চিপিআই(এম) নেতা চিত্তৰঞ্জন দাস, অসম আন্দোলনৰ নেতা বিমল তালুকদাৰ, কংগ্ৰেছী নেতা ধনজিৎ তালুকদাৰে ভাষণ ৰাখে। সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবীত বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ নাম কৰ্তনৰ প্ৰতিবাদত উত্তাল হৈ পৰে। প্ৰতিবাদী জনসভাত ভৱানীপুৰ সমষ্টিৰ নামটো কৰ্তনৰ বিৰোধিতাৰে আৰু ভৱানীপুৰ সমষ্টিৰ নামটো বাহাল ৰখাৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব বুলিও ঘোষণা কৰা হয়।
প্ৰেৰক ভূষণ তালুকদাৰ