ছাত্র সন্থাৰ মঞ্চৰ পৰাই উপদেষ্টাই দিব পাৰিব মন্তব্য
সমুজ্জ্বল কুমাৰ ভট্টাচার্যক লৈ স্থিতি স্পষ্ট ছাত্র সন্থাৰ
নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাৰ (আছু) মজিয়াৰ পৰা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কোনো ধৰণৰ মন্তব্য দিব নোৱাৰিব বুলি ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কালি তেজপুৰত কৰা এক মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বিগত তিনিটা দশক ধৰি সমুজ্জ্বল ভট্টাচার্য মানে ছাত্র সন্থা আৰু ছাত্র সন্থা মানে সমুজ্জ্বল ভট্টাচার্য বুলি পৰিগণিত হৈ আহিছে ৰাজ্যৰ সামাজিক তথা ৰাজনৈতিক ক্ষেত্রখনত৷ এনে এক পৰিৱেশৰ মাজতে সমুজ্জ্বল ভট্টাচার্যৰ মুখ বন্ধ কৰা বিষয়টোক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া তথা চর্চাৰ মাজতে সোমবাৰে পুনৰ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মন্তব্য– আছুৰ হৈ ড০ সমুজ্জ্বল ভট্টাচার্যই মাত মাতিব পাৰিব৷ তেওঁৰ ওপৰত কোনো নিষেধাজ্ঞা দিয়া হোৱা নাই৷ দেওবাৰে মন্তব্য সন্দর্ভত আজি স্থিতি স্পষ্ট কৰি শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমক কয়– কালি তেওঁ কৰা মন্তব্যৰ অপব্যাখ্যা বা ভুল ব্যাখ্যা হৈছে৷
দেওবাৰে সংবাদ মাধ্যমৰ তৰফৰ পৰা এটা কথা উঠিছিল যে ড০ সমুজ্জ্বল ভট্টাচার্যই কিয় আছুৰ মঞ্চৰ পৰা ৰাজনৈতিক দিশ বা আন দিশত স্থিতি স্পষ্ট নকৰে৷ এই বিষয়টোৰ উত্তৰত কোৱা হৈছিল যে বর্তমানলৈ তেওঁক সাংবিধানিকভাৱে আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্ব ছাত্র সংগঠনটোৰ কার্যনির্বাহকে দিয়া নাই৷ আগন্তুক দিনত যেতিয়াই তেওঁক দায়িত্ব দিয়া হ’ব, তেতিয়াই তেওঁ স্থিতি স্পষ্ট কৰিব৷ ইয়াৰ দ্বাৰা তেওঁৰ মুখ বন্ধ বা কোনো ধৰণৰ প্রতিবন্ধকতা আৰোপ কৰা হোৱা নাই৷ শংকৰজ্যোতি বৰুৱাই কয়– আছুৰ মঞ্চৰ পৰা তেওঁ সদায় মাত মাতি যাব পাৰিব৷ ইয়াত নিষেধাজ্ঞা বা প্রতিবন্ধকতা দিয়াৰ প্রশ্ণ উঠিব নোৱাৰে৷ তেওঁ সাংবিধানিকভাৱে এতিয়াও উপদেষ্টাৰ পদ লোৱা নাই৷ যিদিনাৰ পৰা তেওঁ এই পদ গ্রহণ কৰিব, তেওঁ আছুৰ মঞ্চৰ পৰা বক্তব্য প্রকাশ কৰি যাব৷ যোৱা তিনিটা দশক তেওঁ আছুক সেৱা আগবঢ়াই আহিছে৷ আহিব লগা দিনতো তেওঁক অভিভাৱক হিচাপে সকলোৱে বিচাৰিব৷ সাধাৰণ সম্পাদকগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে আছুৰ সাংবিধানে দায়িত্ব দিয়া প্রতিগৰাকী সদস্য তথা বিষয়ববীয়াই ছাত্র সংগঠনটোৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত মাত মতাৰ অধিকাৰ আছে৷