নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্রীত ডেফ’ডিল উদ্যান শস্য কলেজ মুকলি মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ  ‘ৰাজ্যখনে কৃষিখণ্ডত বিশেষ অগ্রগতি লাভ কৰিছে৷ এই ক্ষেত্রত ক্ষেত্রীত নতুনকৈ স্থাপন কৰা ডেফ’ডিল উদ্যান শস্য কলেজখনেও স্থানীয় যুৱক–যুৱতীসকলৰ্ লগতে ৰাজ্যখনৰ বহুসংখ্যক যুৱক–যুৱতীক উদ্যান আৰু কৃষি শস্যৰ শিক্ষাৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাব৷’– এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি ক্ষেত্রীত নতুনকৈ নির্মাণ কৰা ডেফ’ডিল উদ্যান শস্য কলেজখন মুকলি কৰি ভাষণ প্রসংগত আৰু মন্ত্রীগৰাকীয়ে কয় যে অপুষ্টিকৰ খাদ্য খোৱাৰ ফলত ৰাজ্যখনৰ বহু লোক বৃক্ক আৰু যকৃতৰ ৰোগত আক্রান্ত হৈছে৷

বিশেষকৈ দৰঙৰ প্রায়সংখ্যক কৃষকে কমদিনতে অধিক মুনাফা লাভৰ স্বার্থত বিষাক্ত ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি শস্য উৎপাদন কৰে৷ সেই শস্যই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰ দখল কৰিছে৷ যাৰ বাবে তেনে বিষাক্ত দ্রব্যযুক্ত খাদ্যই ৰাজ্যৰ বহুসংখ্যক লোকক ৰুগীয়া কৰি তোলাৰ লগতে স্বাস্থ্যৰ হানি কৰিছে৷ সেয়েহে ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলে চকীদাৰ, পিয়নৰ চাকৰিৰ আশা নকৰি উন্নত জৈৱিক কৃষিকর্মত মনোনিৱেশ কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ উপৰি ৰাজ্যবাসীক সুষম খাদ্য যোগান ধৰিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷

উল্লেখ্য যে মন্ত্রীগৰাকীয়ে  বেচৰকাৰী ডেফ’ডিল উদ্যান শস্যৰ কলেজখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ উপৰি ডেফ’ডিল কৃষি কলেজ এখনৰো নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ এই অনুষ্ঠানত দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়ক অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগু, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচার্য কমল মল্ল বুজৰবৰুৱা, কটন বিশ্ববিদ্যালয়ৰ উপাচার্য বি চি গোস্বামী, ৰেখা শর্মাকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে অংশগ্রহণ কৰে৷

You might also like