নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ শিশু নির্যাতনকাৰী পলাতক চিকিৎসক–অধ্যক্ষ দম্পতীক ৰহাত গ্রেপ্তাৰ

বনকৰা ল’ৰাক গৰম পানী ঢ়ালি অমানুষিক অত্যাচাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ অৱশেষত আৰক্ষীৰ জালত পৰিল বনকৰা শিশুক অমানুষিক নির্যাতন চলাই পলাতক অৱস্থাত থকা চিকিৎসক–অধ্যক্ষ দম্পতী ডাঃ সিদ্ধিপ্রসাদ দেউৰী আৰু ড০ মিতালী কোঁৱৰ৷ শনিবাৰে নিশা প্রায় ৯ বজাত ৰহা থানাৰ অন্তর্গত ৰহা টোলগেটত অভিযান চলাই নগাঁও আৰক্ষীয়ে তেওঁলোকক গ্রেপ্তাৰ কৰে৷

জানিব পৰা মতে, তেওঁলোক কোকৰাঝাৰৰ পৰা এএছ–০৬–৩৮৩৯ নম্বৰৰ এখন বাহনেৰে ডিব্রুগড় অভিমুখে গৈ আছিল৷ ডাঃ দেউৰী আৰু ড০ কোঁৱৰক সম্প্রতি নগাঁও সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা কৰি আছে৷ গুৱাহাটীৰ দিশৰ পৰা শিশু নির্যাতনকাৰী এই দম্পতী ডিব্রুগড় অভিমুখে অহা বুলি বিশেষ সূত্রে জানিব পাৰি ৰহা টোলগেটত নগাঁও আৰক্ষীয়ে জাল পাতিছিল৷ তেওঁলোকক ডিব্রুগড় আৰক্ষীক গতাই দিয়া হ’ব বুলি নগাঁও আৰক্ষীৰ এক সূত্রই প্রকাশ কৰে৷ এটি বনকৰা শিশুক অকথ্য নির্যাতন চলোৱাৰ বাতৰি প্রকাশ পোৱাৰ পাছতে সমগ্র ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মৰাণ কলেজৰ অধ্যক্ষ ড০ মিতালী কোঁৱৰৰ বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠাৰ লগতে তেওঁৰ প্রতিকৃতি দাহ কৰা হৈছে৷ বনকৰা শিশুটিৰ ওপৰত নির্যাতন এনে পর্যায় পাইছিল গৈ যে শিশুটিৰ শৰীৰত ডাঃ দেউৰীয়ে উতলা পানী ঢ়ালি দিছিল৷ সেই সময়ত উক্ত স্থানত থকা সত্ত্বেও ডাঃ কোঁৱৰে বাধা দিয়া নাছিল৷

অৱশেষত এই ঘটনা পোহৰলৈ অহাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ আটছা, আছাকে ধৰি বিভিন্ন সংগঠনে দম্পত্তিটোৰ বিৰুদ্ধে সৰৱ হৈ পৰাত ডিব্রুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ আনহাতে, আজি টেঙাখাতত আটছাই দুয়োজনকে গ্রেপ্তাৰৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷ উল্লেখ্য যে ডাঃ দেউৰীৰ বিৰুদ্ধে ইয়াৰ পূর্বেও বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ লগতে থানাত গোচৰো ৰুজু কৰা হৈছে৷ তেওঁৰ মালিকানাধীন ডিব্রুগড়স্থিত এখন বেচৰকাৰী চিকিৎসালয়ত সংঘটিত এক কেলেংকাৰিত ২০০৬ চনতে দেউৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ পৰৱর্তী সময়ত হাস্পতালখন ছীল কৰি দিয়া হৈছিল৷

ইপিনে, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ কোঁৱৰৰ বিৰুদ্ধে এইপর্যন্ত সংশ্লিষ্ট কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like