নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বনৰ দাবী এবছুৰ

নিয়মীয়া  বাৰ্তা, ১ ছেপ্টেম্বৰ : বিজনী মহাবিদ্যালয়ৰ সন্মুখত বিজনী আঞ্চলিক এবছুৰ উদ্যোগত ১ ঘণ্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা হয়।  কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক নিলম্বনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়য়ণ এবছুৰ। লগতে লাইশ্ৰাম লাড্ডু সিঙে কৰা দুৰ্নীতিৰ বিৰুদ্ধে CBI তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাম কাজত ইতিমধ্যে বহু খেলিমেলি কৰাৰ বাবে উপাচাৰ্য বিৰুদ্ধে অসমৰ ৰাজ্যপালে তিনিদিনীয়া কমিটি গঠন কৰে যদিও সেই সমিতিৰ প্ৰতিও অসন্তুষ্ট এবছুৰ। এই সংক্ৰান্তত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ 
You might also like