বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ২০২৩ চনত যাত্ৰীৰ সংখ্যা লক্ষ্যনীয়ভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আগষ্ট মাহত প্ৰায় ৪.৮ লাখ যাত্ৰী বিমানকোঠলৈ আহিছিল, যিটো যোৱা বছৰৰ সংশ্লিষ্ট মাহৰ তুলনাত প্ৰায় ৩১ শতাংশলৈ বৃদ্ধি হৈছে। গুৱাহাটীৰ পৰা শীৰ্ষ চাৰিটা গন্তব্যস্থান হৈছে ইম্ফল, দিল্লী, কলকাতা আৰু বাংগালুৰু। একেদৰে দুটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান হ’ল ছিংগাপুৰ আৰু পাৰো। সমান্তৰালভাৱে আগষ্ট মাহত বিমানকোঠত প্ৰায় ৩৮৩৯খন বিমানৰ গতিবিধি হৈছিল, যিটো ২০২২ চনৰ আগষ্ট মাহৰ পৰিসংখ্যাতকৈ প্ৰায় ১৪ শতাংশ বেছি। উল্লেখযোগ্য যে গুৱাহাটী বিমানকোঠত ২০২৩ চনৰ জুলাই মাহত প্ৰায় ৫ লাখ যাত্ৰীৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ হবলগীয়া আগন্তুক শীতকালীন অনুসূচীত বিমানকোঠ কৰ্তৃপক্ষই যাত্ৰীৰ আৰু বিমানৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰিছে।
Next Post
You might also like