গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত কাৰ্যালয় বিচাৰি কৰ্তৃপক্ষলৈ এবিভিপিৰ পত্ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত এবিভিপিৰ এক স্থায়ী কাৰ্যালয় বিচাৰি বিশ্ববিদ্যালয় কতৃপক্ষলৈ এক পত্ৰক প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ১৯৪৮ চনৰ পৰা বৰ্তমান সময়লৈকে অবিৰত ভাৱে ছাত্ৰ সমাজ আৰু সমাজৰ হকে কাম কৰি আহিছে। ৭৫টি বছৰ অতিক্ৰম কৰা ছাত্ৰ সংগঠনটো বৰ্তমান সদস্যতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ ছাত্ৰ সংগঠন। অসমৰ বিভিন্ন সমস্যাৰ সময়তো বিদ্যাৰ্থী পৰিষদে সজোৰে দাবী উত্থাপন কৰি আহিছে, সেয়া অসম আন্দোলনৰ সময়তেই হওক বা পিছৰ পৰ্যায়ৰ বিভিন্ন সময়তেই হওক। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত প্ৰতিটো ক্ষেত্ৰতেই সদায় মাত মাতি আহিছে বিদ্যাৰ্থী পৰিষদে। বৰ্তমান সময়ত সমগ্ৰ অসমতেই সাংগঠনিক ভাৱে কামৰ বিস্তাৰ হোৱা এবিভিপিৰ সাংগঠনিক কামকাজৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এক কাৰ্যালয়ৰ প্ৰয়োজন হোৱা বুলি উল্লেখ কৰি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সম্পাদক হেৰল্ড মহনে এক পত্ৰক বিশ্ববিদ্যালয় কতৃপক্ষলৈ প্ৰেৰণ কৰি কাৰ্যালয়ৰ বাবে আবেদন জনায়। উল্লেখযোগ্য যে নিৰ্দিষ্ট কোনো ছাত্ৰ সংগঠনৰ বাবে যদি বিশ্ববিদ্যালয় পৰিসৰৰ ভিতৰত কাৰ্যালয়ৰ ব্যৱস্থা থাকিব পাৰে, তেনে ক্ষেত্ৰত বিদ্যাৰ্থী পৰিষদৰ বাবেও বিশ্ববিদ্যালয়ৰ চৌহদত কাৰ্যালয়ৰ ব্যৱস্থা কৰাত কোনো ধৰণৰ বাধা থাকিব নোৱাৰে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।