নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ত এবিভিপি-ছাত্ৰ সমাজৰ তীব্ৰ সংঘাত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আজি দুদল ছাত্ৰৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত। তীব্ৰ বাকবিতণ্ডাৰ পিছত দুয়ো দলৰ মাজত হতাহতি লাগে। পৰিণতিত সামান্যভাৱে আহত হয় কেইবাজনো ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ গুৱাহাটী মহানগৰৰ উদ্যোগত আজি  বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত এখন ৰাজ্যিক ছাত্র নেতা সন্মিলনৰ আয়োজন কৰাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সৈতে এক তীব্ৰ সংঘাতত লিপ্ত হয়। জানিব পৰা মতে আজি দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত ৰাজ্যিক ছাত্ৰ নেতা সন্মিলনত মুখ্য অতিথি হিচাপে আদৰ্শ বিদ্যালয় সংগঠন, অসমৰ অধ্যক্ষ ডঃ ননী গোপাল মহন্তকে ধৰি কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ একাংশ ছাত্ৰ বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি তৰ্কযুদ্ধত লিপ্ত হয়। কোনো কাৰণতেই সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সন্মিলন বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি দাবী তুলি সংঘাতৰ সৃষ্টি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বেনাৰ-প’ষ্টাৰ সমূহ ভাঙি-ছিগি লণ্ড-ভণ্ড কৰাৰ লগতে টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ একাংশ প্ৰতিবাদকাৰীয়ে সদৰী কৰা মতে যিখন চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰি অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বিচাৰিছে, সেই চৰকাৰৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰাৰ কোনো অধিকাৰ থাকিব নোৱাৰে। উল্লেখনীয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সমাজে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ইতিমধ্যে কা-বিৰোধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আয়োজন কৰা ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন চলি থকাৰ মাজতে কা-বিৰোধী শ্ল’গান আৰু চৰকাৰবিৰোধী শ্ল’গান দি সন্মিলনত মুখ্য অতিথি হিচাপে যোগদান কৰিবলৈ অহা আদর্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ ডঃ ননী গোপাল মহন্তৰ সন্মুখতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত প্ৰচণ্ড সংঘাত হয়। জানিব পৰা মতে তীব্ৰ সংঘাতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰায় ছয়জনকৈ ছাত্ৰ-ছাত্ৰীক গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়ত চিকিৎসা কৰোৱা হয়। এই সন্দৰ্ভত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ ছাত্ৰ নেতাই জানিবলৈ দি কয় যে ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আন্দোলন কৰক। এইক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু তেওঁলোকে অনাহকত ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন আয়োজন কৰাত সংঘাতৰ সৃষ্টি কৰিছে। ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন আয়োজন কৰাৰ বাবে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা আমি অনুমতি পাইছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে এনেধৰণৰ তীব্ৰ সংঘাত সৃষ্টি হোৱাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই খবৰ কৰিবলৈ অহা নাই। এনেকি সংশ্লিষ্ট আৰক্ষীৰ লোক গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ পিছতো আমি কোনো ধৰণৰ সঁহাৰি নাপালোঁ। তদুপৰি ৰাজ্যিক ছাত্ৰ সন্মিলনৰ বাবে যোগাৰ কৰা দুপৰীয়াৰ আহাৰ লৈ অহা গাড়ীখনো বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বাধা আৰোপ কৰে।” ইয়াৰ পিছত পৰিস্থিতি কিছু শাম কটাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সমস্বৰে অসম সংগীত পৰিবেশন কৰি বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ পৰা বাহিৰলৈ ওলাই আহে। ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষী এটা উচ্চপদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পৰা আজি সৃষ্টি হোৱা অবাঞ্চিত পৰিস্থিতিৰ বুজ লয় বুলি জানিব পৰা গৈছে।
You might also like