শুৱালকুছি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয়
বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীক সম্পূৰ্ণ ধাৰাসায়ী কৰি অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সকল নিৰ্বাচিত হোৱাত মহাবিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে। এভিবিপিৰ সমৰ্থিত প্ৰাৰ্থীসকলে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে৷ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া শৈলেন কলিতা আৰু তপন দাসে জনোৱা মতে মহাবিদ্যালয়খনৰ ৯৬৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভোটাধিকাৰ সাব্যষ্ট কৰে। নিৰ্বাচনী ফলাফল অনুসৰি সভাপতি পদত সৌৰভ বৰ্মণে নিকটতম প্ৰতিদ্বন্দী মানৱজ্যোতি দাসক ৩৩৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰে, সাধাৰণ সম্পাদক পদত ধনমণি দাসে নিকটতম প্ৰতিদ্বন্দী অনুসূয়া কাশ্যপ দাসক ৪০৭টা ভোটৰ ব্যৱধানত পৰাজিত কৰে, তৰ্ক সম্পাদক পদত কৰ্ণৱ বৈশ্যই নিকটতম প্ৰতিদ্বন্দী মৃন্ময় দাসক ৫২২টা ভোটৰ ব্যৱধানত পৰাজিত কৰে, সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক পদত পাৰ্থ মেধিয়ে নিকটতম প্ৰতিদ্বন্দী অংকুৰ ডেকাক ৪৪১টা ভোটৰ ব্যৱধানত পৰাজিত কৰে, সাংস্কৃতিক সম্পাদক পদত বন্যা দাসে নিকটতম প্ৰতিদ্বন্দী ধিমান বৈশ্যক ২৬৯টা ভোটৰ ব্যৱধানত পৰাজিত কৰে আৰু ছাত্ৰ কল্যাণ সম্পাদক পদত নয়নমণি কলিতাই নিকটতম প্ৰতিদ্বন্দী ধ্ৰুৰজ্যোতি দাসক ২৪৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। ইফালে ছাত্ৰী কল্যাণ সম্পাদক পদত ছিমি দাস আৰু ক্ৰীড়া সম্পাদক পদত ডিকম দাস বিনাপ্ৰতিদ্বন্দীতাই জয়ী হয়। ছাত্ৰ একতা সভাৰ উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদক পদত কোনো বৈধ মনোনয়ন পত্ৰ দাখিল নোহোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত নহল। সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটি শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীলৈ নিৰ্বাচনী বিষয়া শৈলেন কলিতা আৰু তপন দাসে শুভেচ্ছা জ্ঞাপন কৰিছে। বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থীকেই শুভেচ্ছা জ্ঞাপন কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতাই। সভাপতি-সম্পাদকসহ নিৰ্বাচন অনুষ্ঠিত হোৱা ছয়োটা পদতে এবিভিপি সমৰ্থিত প্ৰাৰ্থীয়ে আছু সমৰ্থিত প্ৰাৰ্থীক বিপুল ভোটত পৰাস্ত কৰে আৰু দুটা পদত এবিভিপি সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদন্দিতাই জয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে এবিভিপিৰ কাৰ্যকৰ্তা সমূহ। এবিভিপি বৃহত্তৰ শুৱালকুছি শাখাই বিজয়ী আঠগৰাকী প্ৰাৰ্থীক লৈ শুৱালকুছিৰ মাজ মজিয়াৰে বাহিৰ কৰে বিশাল সমদল। উল্লেখ্য যে বিগত কিছু বছৰ ধৰি শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছিল যদিও এই বৰ্ষত আটাইকেইটা পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰাটো এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাৱে চিহ্নিত হৈছে ৷
প্ৰেৰক দিলীপ মেধি