বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্রমাগতভাৱে হ্রাস কৰাৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ ৰূপনগৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অভিনৱ সংযোজনেৰে গুৱাহাটী মহানগৰীৰ বাবে ২০০ খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাহনৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে জিপিএছ ট্ৰেকিং আৰু যাত্রীৰ সুৰক্ষাৰ বাবে চিচি কেমেৰা সন্নিৱিষ্ট তথা দিব্যাংগজনৰ বাবে বিশেষ সুবিধা সম্বলিত এই ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাহন ক্রয়ৰ লগতে চার্জিং আন্তঃগাঁথনি নির্মাণৰ বাবদ মুঠ ব্যয় হৈছে ২৯৫ কোটি টকা৷ মুখ্যমন্ত্রীয়ে আজিৰ অনুষ্ঠানতে অফলাইন আৰু অনলাইন উভয়ৰ ক্ষেত্রত সহজে ধন আদায়ৰ বাবে নেচনেল কমন মবিলিটি কার্ড এন চি এম চি ব্যৱস্থাৰো আৰম্ভ কৰে৷ এনে কার্ড প্রৱর্তন কৰা অসম হৈছে দেশৰ তৃতীয়খন ৰাজ্য৷ আনহাতে মুখ্যমন্ত্রীয়ে আজিৰ এই অনুষ্ঠানতে বৈদ্যুতিক বাহন চার্জিং ব্যৱস্থাৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাম্প্রতিক সময়ত সমগ্র পৃথিৱীয়ে সন্মুখীন হোৱা ডাঙৰ প্রত্যাহ্বানটোৱে হৈছে জলবায়ু পৰিৱর্তন৷ ২০২৪ বর্ষৰ প্রথম দিনটোতেই ২০০খন বৈদ্যুতিক বাছ প্রৱর্তন কৰা কার্যই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্রতি ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাকে আকৌ এবাৰ প্রতীয়মান কৰিছে৷ ২০২১ চনৰ ২০ আগষ্টত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৱাহাটী মহানগৰীত ১০০খন চিএনজি বাছ আৰু ২০০খন বৈদ্যুতিক বাছ প্রচলনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল বুলি সদৰি কৰি তেওঁ কয় যে এই সিদ্ধান্তৰ আধাৰতে বিগত বর্ষৰ পহিলা জানুৱাৰীত মহানগৰীখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ১০০ খন চিএনজি বাছৰ সংযোজন ঘটোৱা হৈছিল৷ তেওঁ লগতে কয় যে ভৱিষ্যতমুখী পদক্ষেপৰ জৰিয়তে নতুন বছৰটোক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এইবাৰো পহিলা জানুৱাৰীৰ দিনটোত ২০০খন বৈদ্যুতিক বাহনৰ সেৱা আৰম্ভ কৰিছে৷ বিভিন্ন সুবিধা সম্বলিত এই বাছসমূহ গুৱাহাটী পৌৰ নিগম এলেকাৰ উপৰি চন্দ্রপুৰ, ধাৰাপুৰ, মির্জা, এইমছ গুৱাহাটী, শুৱালকুছি, বাইহাটা চাৰিআলি, জাগীৰোড আদিৰ দৰে দাঁতিকাষৰীয়া অঞ্চলসমূহক সামৰি লব৷ এই বাহনসমূহ চার্জ কৰাৰ সুবিধার্থে ৰূপনগৰ, বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান, মির্জা, বাইহাটা চাৰিআলি আৰু জাগীৰোডত চার্জিং ষ্টেশ্যন স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত পুনৰ ২০০খন বৈদ্যুতিক বাহন অন্তর্ভুক্ত কৰা হব বুলি উল্লেখ কৰি ড০ শর্মাই ২০২৫ চনৰ ভিতৰত মহানগৰীখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাটোক সম্পূর্ণৰূপে বৈদ্যুতিক পৰিবহণ ব্যৱস্থালৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প গ্রহণ কৰিছে বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে অটৰিক্সাকে ধৰি অন্যান্য পৰিবহণ সেৱাসমূহো বৈদ্যুতিক বাহন চালিত সেৱালৈ ৰূপান্তৰ কৰাৰ সুবিধার্থে ৰাজ্য চৰকাৰে তেনে বাহনৰ গৰাকীলৈ ৰাজসাহায্যকে ধৰি বিভিন্ন সহায় আগবঢ়াব৷ তেনেদৰে বিভিন্ন স্থানত ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে চার্জিং ষ্টেশ্যন স্থাপনৰ বাবে আগবাঢ়ি আহিলে চৰকাৰে যাৱতীয় সহযোগিতা আগবেোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলিও সদৰি তেওঁ পেট্ৰল পাম্প আদিতো এনে চার্জিং ষ্টেশ্যন স্থাপনত গুৰুত্ব আৰোপ কৰে৷ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰা আঁতৰি গুৱাহাটীক এখন সম্পূর্ণৰূপে বৈদ্যুতিক বাহন চালিত ৰাজহুৱা পৰিবহণ সেৱাৰ মহানগৰীলৈ ৰূপান্তৰ কৰাৰ দিশত প্রণালীবদ্ধভাৱে অগ্রসৰ হবলৈও তেওঁ পৰিবহণ বিভাগক আহ্বান জনায়৷ তেওঁ কয় যে পৰিবহণ বিভাগে আগন্তুক দুটা বছৰত এই দিশত আগবাঢ়িলে গুৱাহাটী দেশৰ ভিতৰতে সম্পূর্ণভাৱে বৈদ্যুতিক বাহন চালিত ৰাজহুৱা পৰিবহণ সেৱা থকা প্রথমখন মহানগৰীলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে৷ অনুষ্ঠানত মন্ত্রী অতুল বৰা, চন্দ্রমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ, পৰিমল শুক্লবৈদ্য, অশোক সিংহল, ইউ জি ব্রহ্ম, যোগেন মহন, ডাঃ ৰণোজ পেগু, পীযুষ হাজৰীকা, সঞ্জয় কিষান, জয়ন্ত মল্লবৰুৱা, নন্দিতা গার্লোচা, সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিৱ পৱিত্র মার্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাসৰ লগতে মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙকে ধৰি শীর্ষ কেইবাগৰাকী বিষয়া তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷