নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলাত স্কুটীসহ পৰি কৰুণ মৃত্যু প্ৰতিভাৱান ছাত্ৰী ভাস্বতীৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ টিহু নগৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী স্কুটীসহ নলাত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। টিহুৰ শংকৰদেৱ শিশু  নিকেতনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ভাস্বতী কলিতাই এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। টিহুৰ ৰণাকুছি হেলচাপাৰাৰ গাঁওবুঢ়া বাপন কলিতাৰ কন্যা ভাস্বতীয়ে পুৱা টিউচনৰ পৰা ওভতাৰ সময়ত এই দুৰ্ঘটনাত পতিত হয়। নগৰখনৰ ৩নং ৱাৰ্ডত সংঘটিত হয় এই ভয়ংকৰ শিহৰণকাৰী দুৰ্ঘটনা। AS-14-N-1102 নম্বৰৰ নিজৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰীগৰাকীয়ে প্ৰথমে কাষৰ দেৱালত প্ৰচণ্ডজোৰে খুন্দা মাৰি নলাত সোমাই পৰে। পুৱাৰ ভাগতে এই প্ৰচণ্ড শব্দ শুনি ৱাৰ্ডটোৰ আবাসীসকলে ঘৰৰ পৰা ওলাই আহি এই কৰুণ ঘটনা প্ৰত্যক্ষ কৰে।পিছত তেওঁক নলাৰ পৰা উদ্ধাৰ কৰি স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা নাতিদূৰত থকা টিহু এফ আৰ ইউলৈ ততাতৈয়াকৈ লৈ যায় আৰু ছাত্ৰীগৰাকীৰ আঘাত গুৰুতৰ হোৱাত অতি সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয়। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যু ঘটে। এই দুসংবাদ বিয়পি পৰাত ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা টিহুৰ শংকৰদেৱ শিশু নিকেতন তথা নিজ গাঁও ৰণাকুছি হেলচাপাৰাত কান্দোনৰ ৰোল উঠে। অতি অমায়িক মেধাৱী তথা নৃত্য গীত অভিনয় আদি সকলো ক্ষেত্ৰতে অসাধাৰণ প্ৰতিভাশালী ছাত্ৰীগৰাকীৰ এই মৃত্যু কোনোৱে সহজভাৱে লব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰে। পিছত নলবাৰীতে ছাত্ৰীগৰাকীৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত দুপৰীয়া পোনে পোনে তেওঁ অধ্যয়নৰত টিহুৰ শংকৰদেৱ শিশু নিকেতনলৈ অনা হয়। বিদ্যালয়লৈ অনাৰ লগে লগে বিদ্যালয়খনত তেওঁৰ লগ সমনীয়া তথা শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কান্দোনৰ ৰোল উঠে। ইয়াৰ মাজতে বিদ্যালয় পৰিয়ালে অশ্ৰুসিক্ত নয়নেৰে ছাত্ৰীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে। পিছত ছাত্ৰীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ ৰণাকুছি হেলচাপাৰাস্থিত গৃহলৈ লৈ যোৱা হয়। গৃহত নশ্বৰ দেহ গৈ পোৱাৰ লগে লগে চৌদিশে আত্মীয় স্বজন ওচৰ-চুবুৰীয়াৰ মাজত কান্দোনৰ ৰোল উঠে আৰু এক ভাষাৰে বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়। পিছত অনেক গুণমুগ্ধৰ উপস্থিতিত ছাত্ৰীগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। উল্লেখ্য যে ভাস্বতী আছিল বাপন কলিতা আৰু সংগীতা কলিতাৰ দুই কন্যা সন্তানৰ ভিতৰত জেষ্ঠ কন্যা।

প্ৰেৰক গুণজিৎ কলিতা 

You might also like