নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ মতে সুন্দৰ, কংগ্রেছে ক’লে আভুৱা–ভাঁৰিছে

লেখানুদানক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ  বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে বিধানসভাৰ মজিয়াত আগন্তুক বিত্তীয় বর্ষৰ প্রথম ছমাহৰ বাবে দাখিল কৰা লেখানুদানক লৈ মিশ্রিত প্রতিক্রিয়া সৃষ্টি হৈছে৷ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন বিজেপিয়ে লেখানুদানক সুন্দৰ আখ্যা দিয়াৰ বিপৰীতে কংগ্রেছে ইয়াৰ জৰিয়তে আভুৱা ভাঁৰা হৈছে বুলি মন্তব্য কৰিছে৷ সেইদৰে আন এটা বিৰোধী দল এ আই ইউ ডি এফৰ মতে, মাত্র ঢ়াক–ঢ়োল বজাই ভোট সংগ্রহৰ আহিলাৰ বাদে লেখানুদানখনত আন একো নাই৷ লেখানুদান দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ বিজেপি বিধায়ক প্রশান্ত ফুকনে কয় যে নির্বাচনৰ আগমুহূর্তত লেখানুদান দিয়াৰ যি প্রক্রিয়া, সেই অনুসৰি আজি বিধানসভাত আগন্তুক বিত্তীয় বর্ষৰ প্রথম ছমাহৰ বাবে লেখানুদান দাখিল কৰা হ’ল৷ এই লেখানুদানখন অতি সুন্দৰ হৈছে৷ অনুৰূপ মন্তব্য প্রকাশ কৰিছে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰায়ো৷ তেওঁ একেষাৰতে কয় যে বিৰোধীয়ে যিয়েই নকওক, আজি দাখিল হোৱা লেখানুদানখন সুন্দৰ হৈছে৷ ছমাহৰ বাবেহে এই ব্যৱস্থা৷ এই লেখানুদানখনৰ কাৰণে মই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

দুয়োজনৰে সম্পূর্ণ বিপৰীত ভাষ্য প্রদান কৰিছে কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু কমলাক্ষ দে’ পুৰকায়স্থই৷ বিধায়ক কুর্মীয়ে লেখানুদানখনৰ জৰিয়তে আভুৱা ভাঁৰা হৈছে বুলি দাবী কৰি কয় যে আগৰ বাজেটৰ যিবোৰ প্রতিলিপি ইমান শকত শকত যে ৪–৫ ঘণ্টাকৈ পঢ়িব লাগে৷ কিন্তু আজি প্রায় এঘণ্টাও নালাগিল৷ আভুৱা ভাঁৰি আজি লেখানুদানখন পাঠ কৰা হ’ল৷ সেইদৰে বিধায়ক পুৰকায়স্থই কয় যে অসমৰ ৰাইজক প্রতাৰণা কৰাৰ এটা সীমা আছে৷ এবছৰৰ আয়–ব্যয় আৰু বছৰটোত যিমানখিনি কৰিব পাৰি, তাৰ ওপৰত বাজেটখন প্রস্তুত কৰা হৈছে৷ পিছে আজিৰ বাজেটখন পঞ্চবার্ষিক পৰিকল্পনা হৈ গ’ল৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামেও আজি সদনৰ মজিয়াত দাখিল কৰা লেখানুদানখনক সমালোচনা কৰে৷ তেওঁ কয় যে অসমত প্রায় ১.৪০ কোটি সংখ্যালঘু জনসাধাৰণ আছে৷ সংখ্যালঘুসকলৰ বাবে যোৱাবাৰ বাজেটত ২৫০ কোটি টকা ধার্য কৰা হৈছিল৷ কিন্তু তাৰ ৫০ শতাংশ টকাও আজিলৈকে মোকলাই দিয়া নাই৷ সেইদৰে আদিবাসী বা অন্যান্য পিছপৰা সম্প্রদায়ৰ লোক আছে৷ তেওঁলোকৰ বাবেও আজি একো প্রতিশ্রুতি নাই৷ মাত্র ঢ়াক–ঢ়োল বজাই ভোট সংগ্রহৰ আহিলাৰ বাদেই এই লেখানুদানখনত একো নাই৷ কোনো জনগোষ্ঠী বা সামগ্রিকভাৱে অসমৰ বিকাশৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নল’লে৷

You might also like