বাৰ্তা বুৰো, ১০ অক্টোবৰঃ মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অধীনৰ ভলুকাগুৰিত ২৮ ছেপ্টেম্বৰৰ নিশা কলমৌবাৰী গাঁৱৰ ৰেকিবুদ্দিন আলী নামৰ এজন যুৱকক বন্ধ কোঠাত একাংশ লোকে শাৰীৰিকভাবে প্ৰহাৰ কৰাৰ ঘটনা সামাজিক মাধ্যমযোগে ভাইৰেল হোৱাৰ লগতে তদানীন্তন মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গোচৰৰ তদন্তৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা লোৱা বুলি ভুক্তভোগী ৰেকিবুদ্দিনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰাৰ পিছত মৰিগাঁও আৰক্ষীৰ শীৰ্ষ মহলে গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰাৰ পিছতে ৫জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ হৈছে। মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ব্যাপক অভিযান চলাই গণপ্ৰহাৰত জড়িত ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনৰ নাম ক্ৰমে এমৰাজুল ইছলাম, চুলেমান আলী, সহজাহান, ৰাহুল হুচেইন, ৰহমান আলী। উল্লেখ্য সহজাহান নামৰ অভিযুক্ত জনক চিনাক্ত কৰি দিয়াৰ পিছতো তদানীন্তন মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে জামিন প্ৰদান কৰিছিল যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তদুপৰি উক্ত ঘটনাৰ নিশা আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ যোৱা আঁহত ৰেকিবুদ্দিনক পিছদিনাখন মুকলি কৰি দিয়াৰ বিনিময়ত সেই অঞ্চলৰ এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকে ৫ হাজাৰ টকা আৰক্ষীক দিব লাগে বুলি আদায় লোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৰেকিবুদ্দিনৰ পিতৃয়ে। এই সন্দৰ্ভত তদন্ত চলি আছে বুলি প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।
প্ৰেৰক প্ৰাঞ্জল দাস