বিশেষ বাৰ্তা, ,২১ জুলাই : ৰাজ্যৰ স্মাৰ্ট আৰক্ষীৰ কথা স্বয়ং অসম আৰক্ষীৰ শীৰ্ষ মহলে প্ৰকাশ কৰি অহাৰ সময়তে নলবাৰীত আজি আৰক্ষীৰ চকুত ধুলি দি এটা আচামীয়ে আৰক্ষীৰ হাতৰ পৰা পলোৱাৰ অপচেষ্টা চলোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰী পাৰোৱানা লাভ কৰা জিলাখনৰ বৰী চৰিয়াপাৰাৰ চম্পক দাস নামৰ আচামীটো বেলশৰ আৰক্ষীৰ তত্বাৱধানত আছিল। সেই মৰ্মে আচামীটোক বেলশৰ আৰক্ষীয়ে আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আনিছিল। তেনে সময়তে সুবিধা বুজি আচামীটোৱে চিকিৎসালয়ৰ পৰা পলাই চিকিৎসালয়ৰ কাষতে থকা পিতনিত কৰিছিল আত্মগোপন। মেটেকা ভৰ্তি পুখুৰীৰ পানীত আত্মখোপন কৰা আচামীটোক এক গল ভৰ্তি পানীৰ পৰা পিছত বিচাৰি আৰক্ষীয়ে ৰাইজৰ সহযোগত পুনৰ আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাটোৱে এফালে যিদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সেই দৰে চৰ্চাও লাভ কৰিছে।
প্ৰেৰক আৰূপ ৰঞ্জন বৰ্মন