নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা ভয়াৱহ এচিড আক্ৰমণ আৰু ন্যায়ৰ আশাত বন্দী এটা পৰিয়াল

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : আজিও আদালতৰ ন্যায়ৰ অপেক্ষাত এচিড আক্ৰমণৰ বলি হোৱা বৰপেটাৰ দুৰ্ভগীয়া পৰিয়াল যি ঘটনাই নিমিষতে অন্ধকাৰ কৰি তুলিছিল এটা পৰিয়ালৰ ভৱিষ্যত l স্বাভাৱিকতে বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল উৎসৱ আহিলেই আনন্দত মতলীয়া হয় বৰপেটাবাসী l কিন্তু  এই দৌল উৎসৱ আহিলেই এতিয়া বুকু কঁপি উঠে বৰপেটাৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ l হোলীৰ আনন্দ উৎসৱৰ মাজতে বাৰু এনে কি ঘটিছিল যে এতিয়া দৌল উৎসব বুলি কলেই বুকু কঁপি উঠে পৰিয়াল টোৰ l

প্ৰাপ্ত ঘটনা অনুসৰি ২০০৭ চনৰ ৬ মাৰ্চৰ অভিশপ্ত সেই দিনটোত হোলী খেলাৰ আনন্দত মতলীয়া হৈ আছিল পৰিয়ালটো l তেনে ক্ষণতে দুপৰীয়া পূৰ্বৰ কাজিয়াৰ আঁত ধৰি পৰিয়ালটোৰ চোতালত উপস্থিত হৈ দুই ভাতৃ অনিল দাস আৰু দয়াল দাসৰ নেতৃত্বত ৫জনীয়া এটা দলে লাঠীৰে আক্ৰমণ আৰম্ভ কৰিছিল আৰু এটা সময়ত মগেৰে পানী ঢলাৰ দৰে এচিড আক্ৰমণ কৰিছিল l এনে আক্ৰমণৰ পৰিণতিত  নিমিষতে ঢলি পৰিছিল পৰিয়ালৰ কেইবাজনো লোক l পৰিণতিত নিমিষতে এটা চকুৰে নেদেখা হৈ কণা হৈ পৰিছিল মোমায়েক অধৰ দাস, ভাতৃ সুৰজিৎ দাস,  আৰু শৰীৰৰ ভিন্ন প্ৰান্ত পুৰিছিল আনকেইজনৰ ll

একেলগে এনে বৰ্বৰ আক্ৰমণত শৰীৰৰ  ডিঙিৰ তলৰ এটা অংশ সম্পূৰ্ণ দহন হৈছিল ঘৰখনৰ জীয়ৰী মনালিছা দাসৰ l পৰিণতিত চিৰদিনৰ বাবে ঘুণীয়া হৈ পৰিছিল যুৱতীগৰাকী l পৰৱৰ্তী সময়ত সকলো দেখি শুনিও কিন্তু যুৱতীগৰাকীক তেনে অৱস্থাত ঘৰৰ বাধা নামানিও প্ৰেমিক নৱজিৎ দাসে বিয়া পাতিছিল যুৱতীগৰাকীকl

উল্লেখ্য যে অনিল দাসৰ বিপৰীতে আনগৰাকী অভিযুক্ত দয়াল দাসৰ মৃত্যু হৈছে l একেদৰে ভুক্তভোগী পৰিয়ালটোৰ সত্যজিৎ দাস নামৰ যুৱকজনে এটা চকু হেৰুওৱাৰ পিছত পৰৱৰ্তী সময়ত হতাশাত ভুগি ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিলl ২০০৭ৰ পৰা বিষয়টো এতিয়াও বৰপেটাৰ আদালতত বিচাৰাধীনl অভিযুক্ত পক্ষই অধিবক্তাৰ জৰিয়তে তাৰিখৰ ওপৰত তাৰিখ গ্ৰহণ কৰাৰ বিপৰীতে কিন্তু চৰকাৰী পক্ষৰ অধিবক্তাই ততপৰ দোষীক শাস্তি দিবলৈ l অভিযুক্ত পক্ষই ভুক্তভোগীৰ ওপৰত মিছা গোচৰ দিছিল যদিও আদালতে সেয়া মিছা বুলি ৰায়দানো দিছে l এনেদৰেই এতিয়া বছৰৰ পিছত বছৰ ন্যায়ৰ বাবে অপেক্ষা কৰিব লগা হৈছে দিন দুখীয়া পৰিয়ালটোৱে l শীঘ্ৰেই হয়তো আদালতে ৰায়দান দিব গোচৰটোত ll কিন্ত জীৱন্তে এটা পৰিয়ালৰ শেষ হোৱা সপোনৰ পৰিণতিত আইনী ন্যায়ে সন্তুষ্ট কৰিব পাৰিবনে দিন দুখীয়া পৰিয়ালটোক l
প্ৰেৰক আফতাব হুছেইন

You might also like