নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকাক এচিড আক্ৰমণ : ৩৩ দিনত চাৰ্জশ্বীট দাখিল বৰপেটা আৰক্ষীৰ

বাৰ্তা ব্যুৰো, ২৪ ডিচেম্বৰ : বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত ফজু বজাৰত এগৰাকী নাবালিকাক এচিডেৰে আক্ৰমণ কৰি হত্যা কৰা দুই অভিযুক্তৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিছে ৷ নাবালিকাগৰাকীক এচিড আক্ৰমণ কৰা ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্হলীত বৰপেটা সদৰ থানাৰ আৰক্ষীৰ এটা দল উপস্হিত হৈ সকলো ধৰণৰ তথ্য-প্ৰমাণ, সাক্ষ্য সংগ্ৰহ কৰাৰ লগতে ফৰেনচিকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰায় এমাহৰ ভিতৰতে চাৰ্জশ্বীট প্ৰস্তুত কৰে ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এই ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট এটি গঠন কৰি দিয়ে ৷  উল্লেখ্য যে যোৱা ১৯ নৱেম্বৰত কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত গুমিৰ পথাৰ গাঁৱৰ এগৰাকী নাবালিকাক বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ ফজু বজাৰত অনুষ্ঠিত বাণিজ্য মেলা চাই বায়েকৰ সৈতে ঘৰলৈ উভতি অহাৰ পথত এজন যুৱকে এচিডেৰে আক্ৰমণ কৰে ৷  নিশা প্ৰায় ৮ বজাত সংঘটিত ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হৈ এচিড আক্ৰমণত ছটফটাই থকা কিশোৰীগৰাকীক উদ্ধাৰ কৰি বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। অৱশ্যে কিশোৰীগৰাকীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি  চিকিৎসকে ততালিকে কিশোৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ।  উক্ত ঘটনা সন্দৰ্ভত কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। সৰুক্ষেত্রী সমষ্টিৰ কয়াকুছি থানাৰ অন্তৰ্গত চকিৰ ভিঠা গাঁৱৰ ৰফিজুল ইছলাম নামৰ যুৱকজন উক্ত এচিড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ৷ ইপিনে, উক্ত এচিড আক্ৰমণৰ ঘটনাৰে জড়িত ৰফিজুল ইছলাম নামৰ যুৱকজনৰ মুখতো এচিড পৰি কিছু অংশ জ্বলি যায় ৷ আনহাতে, নাবালিকাগৰাকীয়ে যোৱা ১১ ডিচেম্বৰত মৃত্যুক সাবটি লয় ৷ এই জঘন্যতম অপৰাধৰ গোচৰটোৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি তদন্তকাৰী বিষয়াই দুই অভিযুক্ত ক্ৰমে ৰফিজুল ইছলাম আৰু চাহানুৰ ইছলামক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪৫ /৩২৬ এ/৩০৭ /৩০২ /৩৪ৰ অধীনত অভিযোগনামা দাখিল কৰে। উক্ত ঘটনাটো সংঘটিত হোৱাৰ ৩৩ দিনৰ ভিতৰত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৭৩ ধাৰা অনুসৰি তদন্তকাৰী গোট আৰু তদন্তকাৰী আৰক্ষী বিষয়াই ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এতিয়া ন্যায় পাব বুলি আশা প্ৰকাশ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like