নিয়মীয়া বাৰ্তা, ২০ জুন : ১৯৯৭ বৰ্ষৰ অসম অসামৰিক সেৱাৰ বিষয়া অনামিকা তিৱাৰীয়ে আজি মৰিগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ অসম চৰকাৰৰ শ্ৰম আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
আজি যোগদান কৰিয়েই তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে কাৰ্যালয়ৰ সভাকক্ষত এক চিনাকিপৰ্বত অংশ লয়। তেওঁ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে অনাগত সময়ত দলীয় মানসিকতাৰে কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ মৰিগাঁও জিলাখনক সকলো ক্ষেত্ৰতে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত জিলাবাসীৰ সহায়-সহযোগিতা কামনা কৰে। স্বচ্ছ প্ৰশাসন ব্যৱস্থা আৰু ৰাইজৰ সহযোগত প্ৰশাসনৰ উন্নয়নকামী পদক্ষেপে জিলাখনক শীৰ্ষলৈ অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।
তেওঁ জিলাখনৰ সৰু-বৰ প্ৰতিটো সমস্যাৰ সমাধানৰ দিশত জিলা প্ৰশাসন তথা প্ৰতিটো চৰকাৰী বিভাগে সমন্বয়েৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যোগদান কৰাৰ পিছতেই বিষয়াগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৌহদত থকা বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে।
প্ৰেৰক প্ৰতাপ হাজৰিকা