বিশেষ বাৰ্তা, ২২ জুনঃ অভিনেতা সঞ্জীৱ লোচন তামুলীলৈ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ চেন্টাৰ ফৰ কালচাৰেল ৰিছ’ৰ্চেছ এণ্ড ট্ৰেইনিঙৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ ছিনিয়ৰ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। ‘নামনি অসমৰ কামৰূপীয়া ঢুলীয়া, ঢেপা ঢুলীয়া, খুলীয়া ভাওনা আৰু ভাৰিগানৰ সংকট আৰু সংৰক্ষণ’ বিষয়ত দুবছৰীয়া গৱেষণাৰ বাবে এই জলপানি আগবঢ়োৱা হৈছে।