নিয়মীয়া বার্তা, 2 জুনঃ নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰ গাঁৱৰ বাসিন্দা গীতিকাৰ, সুৰকাৰ, গায়ক তথা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্রাপ্ত সঞ্চালক লুইত কোঁৱৰ প্রয়াত ৰুদ্র বৰুৱাৰ পত্নী আৰতি বৰুৱা (৮৭)ৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত বিয়োগ ঘটে৷ কেইবছৰমান আগতে পুৰণিগুদাম এৰি গুৱাহাটীৰ পুত্রৰ লগত স্থায়ীভাৱে থাকিবলৈ ল’লেও বর্ষীয়ান অভিনেত্রী–সংস্কৃতিৰ সাধক আৰতি বৰুৱাই পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জড়িত হৈ পুৰণিগুদামবাসীক উৎসাহিত কৰিছিল ৷ বিগত বর্ষতো পুৰণিগুদামৰ এটা মন্দিৰৰ নির্মাণকার্যৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকাৰ পিছত পুনৰ পুৰণিগুদামলৈ অহা নাছিল আৰতি বৰুৱা ৷ আৰতি বৰুৱাই ৰুদ্র বৰুৱাৰ গীতসমূহ নতুন প্রজন্মৰ মাজত পৰিচয় কৰি দিবলৈ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ জৰিয়তে কর্মশালা আয়োজনেৰে স্বামীৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্রয়াস কৰিছিল৷ অসমৰ সহজ–সৰল, চহা গাঁৱলীয়া জীৱনৰ বিভিন্ন দিশ গীতৰ মাধ্যমেৰে প্রকাশ কৰা ৰুদ্র বৰুৱাৰ জীৱিত কালৰ সকলো সৃষ্টিৰাজিক উৎসাহিত কৰিছিল তেওঁৰ পত্নী আৰতি বৰুৱাই৷ ইফালে আৰতি বৰুৱা নিজেও এগৰাকী দক্ষ অভিনেত্রী আছিল৷ তেওঁ অসমীয়া চলচ্চিত্র ‘সন্ধ্যাৰাগ’, ‘অগ্ণিস্নান’ আৰু অসমীয়া তথ্যচিত্র ‘সোণৰ বৰণ পাখি’ত অভিনয় কৰি দর্শকৰ বিপুল সঁহাৰি বুটলিবলৈ সক্ষম হৈছিল৷ জানিব পৰা মতে, যোৱা ১৮ এপ্রিলত হূদৰোগত আক্রান্ত হোৱা আৰতি বৰুৱাক জিএনআৰচি হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ সেইদিনাৰ পৰা তাতেই চিকিৎসাধীন হৈ আছিল তেওঁ৷ ৪৩ দিন চিকিৎসাধীন হৈ থকাৰ পাছত হাস্পতালতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ আৰতি বৰুৱাৰ মৃত্যুত পুৰণিগুদাম বাপুজী ভৱন পুথিভঁৰাল, কলং কলা কেন্দ্র, ৰুদ্র বৰুৱা সংগীত বিদ্যালয়, পুৰণিগুদাম শতদল শাখা সাহিত্য সভা, পুৰণিগুদাম আঞ্চলিক মানৱ অধিকাৰ সংগ্রাম সমিতি, পুৰণিগুদাম প্রেছ ক্লাব, পূবেৰুণ সাংস্কৃতিক গোষ্ঠী ভীমৰ গাঁও, কুশীলৱ পুৰণিগুদাম, অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখা, অনির্বাণ গোষ্ঠী, পুৰণিগুদাম ভীমৰ গাঁৱত থকা পৰিয়ালৰ সদস্যসকলেও গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তিনি পুত্র, অৱসৰপ্রাপ্ত আইএএছ বিষয়া মৃণাল বৰুৱা, স্বপ্ননীল বৰুৱা আৰু বিশিষ্ট চিকিৎসক ডাঃ নভনীল বৰুৱাৰ লগতে বোৱাৰী, নাতি–নাতিনীক ইহসংসাৰত এৰি থৈ যোৱা আৰতি বৰুৱাৰ স্বামী ৰুদ্র বৰুৱাৰ ১৯৮০ চনতে মৃত্যু হৈছিল৷
প্ৰেৰক তপন কটকী