নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ : আদানী গোষ্ঠীয়ে অসমত নিৰ্মাণ কৰিব তাপবিদ্যুৎ প্ৰকল্প

🔹 দুটাকৈ সম্ভাব্য প্ৰকল্পস্থলী পৰিদৰ্শন আদানী-পুত্ৰ জিত আদানীৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ এপ্ৰিল : বিহুৰ বতৰত অসমবাসীলৈ আহিল এক বিশেষ সুখবৰ। আদানী গোষ্ঠীৰ “আদানী পাৱাৰ” নামৰ বহুজাতিক কোম্পানীটোৱে নামনি অসমত নিৰ্মাণ কৰিব এটা তাপবিদ্যুৎ প্ৰকল্প। সেই অনুসৰি আজি দুটাকৈ সম্ভাব্য প্ৰকল্পস্থলী পৰিদৰ্শন কৰে গৌতম আদানীৰ পুত্ৰ জিত আদানীয়ে। উল্লেখ্য যে আজি দিনৰ ১১ মান বজাত বিশেষ বিমানেৰে ধুবুৰী জিলা সংলগ্ন কোকৰাঝাৰৰ ৰূপসী বিমানবন্দৰত উপস্থিত হয় জিত আদানিসহ ২০ জনীয়া এটি দল। ৰূপসীৰ পৰা পোনে পোনে কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ বাসবাৰীৰ সম্ভাব্য প্ৰকল্পস্থলীত উপস্থিত হয় দলটো। প্ৰায় ৩৪০০ বিঘা ভূমি পৰিদৰ্শন কৰে জিত আদানীয়ে। তাৰে পৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ আন এডোখৰ ভূমিও পৰিদৰ্শন কৰে তেওঁ। বিলাসীপাৰা মহকুমাৰ চিৰাকুটি অঞ্চলৰ চৰুৱা-বাখৰাৰ প্ৰায় ৩৫০০ হাজাৰ বিঘা ভূমি তথা পাৰ্শ্বৱৰ্তী অঞ্চল ভালদৰে পৰ্যবেক্ষণ কৰে “আদানী পাৱাৰ”ৰ উক্ত দলটোৱে। জানিব পৰা মতে, পৰিদৰ্শন সম্পন্ন হোৱাৰ পিছত পোনে পোনে ৰূপসী হৈ গুৱাহাটীলৈ যাত্ৰা কৰিব জিত আদানীয়ে। বিষয়টোক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। উল্লেখ্য যে আদানী গোষ্ঠীৰ সম্ভাব্য উক্ত তাপবিদ্যুৎ প্ৰকল্পটোক লৈ উৎফুল্লিত হৈ পৰিছে বহুতে আৰু আশা কৰা হৈছে- এই প্ৰকল্পটোৱে কেৱল ধুবুৰী আৰু কোকৰাঝাৰেই নহয়; সমগ্ৰ নামনি অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ।

You might also like