বিমানবন্দৰ সম্প্রসাৰণঃ দুখনকৈ গাঁৱৰ ৫৫ বিঘা ভূমি বিচাৰিলে আদানি গ্রুপে
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্রৰ অন্তর্গত কৈটাসিদ্ধি আৰু ৰায়বড়ি গাঁৱৰ ৫৪টা পৰিয়ালৰ মুঠ ৫৫ বিঘা, ২ কঠা, ৩.৫০ লেচা মাটিৰ অধিগ্রহণ বিচাৰি শেহতীয়াকৈ কামৰূপ জিলা প্রশাসনে দিয়া জাননীক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো শেহতীয়াকৈ আদানি গ্রুপলৈ হস্তান্তৰ কৰাক লৈ প্রতিবাদ অব্যাহত থকাৰ সময়তে কামৰূপ জিলা প্রশাসনে দিয়া এনে জাননীয়ে টোপনি হৰিছে বিমানবন্দৰটোৰ সমীপত বিগত দীর্ঘ দশক ধৰি বসবাস কৰি থকা ৫৪টা পৰিয়ালৰ৷ লাটমণ্ডল আৰু গাঁওবুঢ়াৰ জৰিয়তে ৰাজহ চক্র বিষয়াই ভূমিৰ পট্টাদাৰলৈ মাটি অধিগ্রহণৰ বাবে জাৰি কৰা এই জাননীক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে কৈটাসিদ্ধিৰ ৰাইজ৷
ইতিমধ্যে বিমানবন্দৰৰ নামত স্থানীয় গাঁৱৰ বাসিন্দাই প্রথম পর্যায়ত ৩৬৮ একৰ, দ্বিতীয় পর্যায়ত ২৮ একৰ, তৃতীয় পর্যায়ত ৪০ একৰ আৰু চতুর্থ পর্যায়ত বৃহৎ পৰিমাণৰ মাটি অধিগ্রহণৰ ফলত এৰি দিছে৷ উল্লেখ্য যে ২০১৮ চনৰ ৩ আগষ্টত কামৰূপ জিলাৰ উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এক আলোচনাত স্থানীয় গাঁওবাসীক প্রশাসনে পুনৰ মাটি অধিগ্রহণ নহয় বুলি আশ্বাস দিছিল৷ কেৱল কিছু অংশৰ গছ–গছনি কটা যাব বুলিহে কৈছিল৷ কিন্তু তেনে আশ্বাস ভেঁকো–ভাওনাত পৰিণত কৰি শেহতীয়াকৈ জাৰি কৰা জাননীক লৈ ক্ষুব্ধ হৈ পৰা গাঁওবাসীয়ে কোনো পৰিস্থিতিতে ভূমি এৰি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷
বিষয়টোক লৈ কামৰূপ জিলা ছাত্র সন্থায়ো চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ জিলা ছাত্র সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে চৰকাৰক এইক্ষেত্রত বিকল্প ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷
ইফালে, বিষয়টোক লৈ চলি থকা প্রতিক্রিয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– গুৱাহাটী বিমানবন্দৰৰ সমীপৱর্তী অঞ্চলৰ বাসিন্দাক উচ্ছেদ কৰা নহয়৷ যদি চৰকাৰে মাটি অধিগ্রহণ কৰে, তেন্তে চাৰিগুণ পর্যন্ত মাটিৰ দাম লাভ কৰিব বাসিন্দাসকলে৷ বিমানবন্দৰ সম্প্রসাৰণৰ বাবে মাটিৰ অধিগ্রহণ হ’ব পাৰে৷ ফ’ৰলেন নির্মাণৰ সময়তো মাটিৰ অধিগ্রহণ হৈছিল৷ যদি মাটিৰ অধিগ্রহণ হয় তেন্তে ৰাইজে নির্ধাৰিত দামতকৈও অধিক দাম লাভ কৰিব৷