নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ৩ জুলাই: : আজি জাগীৰোড সমষ্টিৰ তিনিটাকৈ পঞ্চায়তত মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰীকাই শিশুসকলে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা তিনিটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ অন্তৰ্গত শিলচাং পঞ্চায়তত শিলচাং অঙ্গনৱাড়ী কেন্দ্ৰ, দক্ষিণ ধৰমতূল পঞ্চায়তৰ শান্তিপুৰত দক্ষিণ ধৰমতূল অংগনৱাড়ী কেন্দ্ৰ আৰু আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত ঠেকেৰাগুৰি অংগনৱাড়ী কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত কয় যে এই অংগনবাড়ী কেন্দ্ৰ্সমূহ স্থাপন হ’লে শিশুৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনত বিশেষ সহায় হ’ব। অংগনবাড়ী কেন্দ্ৰসমুহত আগবঢ়োৱা শিক্ষাৰ ভেটিয়েই পৰবৰ্তী সময়ত শৈক্ষিক ক্ষেত্ৰখ্নত নতুন প্ৰজন্মক বিশেষভাৱে আগবঢ়াই লৈ যাব পাৰে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী অভিভাৱককে এইক্ষেত্ৰত সজা-সচেতন হ’বলৈ আহ্বান জনায়। আধাৰশিলাৰ স্থাপন অনুষ্ঠানৰ পিচতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি গগৈ মিলিত হৈ ইমান সংকীৰ্ণ ৰাজনীতি কৰিব বুলি মই ভবা নাছিলো,তিনি গগৈ মিলি আহোম হোৱাৰ পৰিবৰ্তে গগৈ কেন্দ্ৰিক ৰাজনীতি কৰা হে পৰিলক্ষিত হল। তেওঁলোক আহোম নহৈ গগৈকেন্দ্ৰিক হ’ল। অখিল গগৈ অসমৰ নেতা নহয় কেৱল গগৈৰহে নেতা। বিৰোধী দলপতি  দেৱব্ৰত শ‌ইকীয়াক উপেক্ষা কৰি তিনি গগৈয়ে কৰা এই মিলন আহোম বিদ্বেষী বুলিও কটাক্ষ মন্ত্ৰীগৰাকীৰ। উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like