লাহৰীঘাটত আৰম্ভ এডিবিৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হল খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম। লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত লুইতৰ পাৰত আজি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু মৌলবীৰ দোৱা প্ৰাৰ্থনাৰে এছিয়ান ডেভেলপমেন্ট বেংকৰ কেইবাকোটি টকীয়া খহনীয়া প্ৰতিৰোধী আঁচনিৰ শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলৰ দীৰ্ঘদিনীয়া খহনীয়া সমস্যা সমাধান দিশে আজিৰে পৰা অগ্ৰসৰ হৈছে। এডিবিৰ প্ৰথম পৰ্যায়ৰ প্ৰায় ৪৮ কোটিটকীয়া খহনীয়া প্ৰতিৰোধী কাম টেঙাগুৰি কছাৰী গাঁৱত শুভাৰম্ভ কৰা হয়। এছিয়ান ডেভেলপমেন্ট বেংকৰ এই অভিলাষী আঁচনিয়ে প্ৰথম পৰ্যায়ত কাঠনিৰ পৰা বালিডোংগালৈকে খহনীয়া প্ৰতিৰোধৰ কাম কৰা হব। জিঅ বেগে পিটচিং কৰি খহনীয়া প্ৰতিৰোধৰ কাম কৰা হব। অত্যাধিনুক পদ্ধতিৰে জিঅ পিটচিং কৰি খহনীয়া প্ৰতিৰোধৰ কাম কৰা হব। খহনীয়া প্ৰতিৰোধী কাম শুভাৰম্ভ হোৱাৰ লগে লগে লাহৰীঘাটৰ নৈপৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে। বছৰ বছৰ ধৰি লুইতৰ খহনীয়াই লাহৰীঘাটবাসীক কন্দুৱাই আহিছে। আজি লাহৰীঘাটৰ জ্বলন্ত সমস্যা সমাধান হোৱা লৈ চাই মৃখ্যমন্ত্ৰীক নৈপৰীয়া ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে লুইতৰ খহনীয়াত দুকুৰি বছৰ ধৰি লাহৰীঘাটৰ শতাধিক ৰাজহ গাঁও নিচিহ্ন হোৱাৰ লগতে লাখ লাখ বিঘা কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে। বহু লাখপতি কোটিপতি লোকক নিশাৰ ভিতৰতে খহনীয়াই পথৰ ভিক্ষাৰীত পৰিণত কৰিছিল। কিন্ত বছৰ বছৰ ধৰি কংগ্ৰেছ চৰকাৰে লাহৰীঘাটৰ খহনীয়া সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাছিল। লাহৰীঘাটৰ খহনীয়া সমস্যা সমাধান কৰিবলৈ বিজেপি চৰকাৰ আগবাঢ়ি অহাত ৰাইজে ধন্যবাদ জনাইছে।
প্ৰেৰক আবুল কালাম