নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বজালীৰ সন্তান ডাঃ বেদাংগ তালুকদাৰৰ (৪৬) কালি আকস্মিক বিয়োগৰ খবৰে পাঠশালাত শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে সম্প্ৰতি গুৱাহাটীৰ জয়ানগৰত থাকিবলৈ লোৱা পাঠশালা নগৰৰ উত্তৰ পট্টি নিৱাসী ডাঃ বেদাংগ তালুকদাৰ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল। প্ৰায় এমাহ পূৰ্বে নতুন দিল্লীত চিকিৎসাৰ বাবে যোৱা তালুকদাৰে চিকিৎসাধীন অৱস্থাতে কালি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত হৈ থকা তালুকদাৰে ইয়াৰ পূৰ্বে ক্ৰমে কমলপুৰ ৰাজহচক্ৰৰ ৰাজহচক্ৰ বিষয়া, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, গােলাঘাট জিলাৰ অতিৰিক্ত সহায়ক আয়ুক্ত, তামুলপুৰৰ অতিৰিক্ত উপায়ুক্ত হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ আকস্মিক দেহাৱসানৰ খবৰে আত্মীয়-কুটুম্বৰ লগতে তেওঁ কাৰ্যনিৰ্বাহ কৰা অঞ্চলৰ ৰাইজৰ মাজত তথা তেওঁৰ জন্মস্থান পাঠশালাত গভীৰ শােকৰ ছাঁ পেলাইছে। এগৰাকী অতি অমায়িক ব্যক্তি হিচাপে পৰিচিত ডাঃ তালুকদাৰৰ শৱদেহ আজি গুৱাহাটী আহি পোৱাৰ পিছতে গুৱাহাটীৰ ছয়মাইলস্থিত জয়ানগৰৰ বাসভৱনলৈ লৈ যোৱা হব আৰু তাৰ পিছত গুৱাহাটীতে শেষকৃত্ত সম্পন্ন কৰা হব৷ মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী, দুটি পুত্ৰসন্তান, এজন ভাতৃ সমন্বিতে বহু আত্মীয় তথা শুভকাংক্ষীক ইহসংসাৰত এৰি থৈ যোৱা অসামৰিক বিষয়াগৰাকীৰ বিয়োগত পাঠশালাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে৷
প্ৰেৰক কল্যাণ কলিতা