বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত খাগৰিজান মহাবিদ্যালয়ৰ NSS চেল আৰু চ’ল ৱেভ ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাৰ সহযোগত খাগৰিজান মহাবিদ্যালয়ৰ সভাগৃহত বুধবাৰে নিচা মুক্তিৰ সজাগতামূলক অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। য’ত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। চ’ল ৱেভ ফাউণ্ডেচনৰ সদস্যসকলে ড্ৰাগছক এক সামাজিক ব্যাধি ৰূপে আখ্যা দি ইয়াৰ ভয়াৱহতাৰ কথা দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক এই অন্ধকাৰ দিশটোৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। লগতে আজিৰ সমাজে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যা ৰূপে এই দিশটোক আঙুলিয়াই দিয়ে। একোখন ঘৰ, একোখন সমাজ এনে ভয়াৱহ সমস্যাৰ পৰা কেনেকৈ দূৰত অৱস্থান কৰিব পাৰে, তাক লৈও আলোচনা কৰা হয়।
প্ৰেৰক কনক হাজৰিকা