বিশেষ বাৰ্তা, ৪ জুনঃ ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ে “নিচামুক্ত ভাৰত অভিযান” শীৰ্ষক এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয় আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তিও স্বাক্ষৰিত হৈছে। আজি তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত ব্ৰহ্মপুত্ৰ পিচ ভেলী ৰিট্ৰিট কেন্দ্রত “নিচামুক্ত ভাৰত অভিযান”ৰ তিনিচুকীয়া জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে প্ৰজাপিতা ব্ৰহ্মকুমাৰী সেৱা কেন্দ্র তিনিচুকীয়াৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, জিলা উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, অনুষ্ঠানৰ মুখ্য বক্তা ড০ বি. কে. শচীন পৰৱ। আদিত্য সৃষ্টি কলা মন্দিৰ তিনিচুকীয়াৰ শিল্পীসকলে প্ৰদৰ্শন কৰা নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণী ভাষণ আৰু ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় সন্দৰ্ভত এক সংক্ষিপ্ত পৰিচয় দাঙি ধৰে ব্ৰহ্ম কুমাৰী সেৱা কেন্দ্র তেজুৰ সঞ্চালিকা বি কে জয়ন্তীয়ে। অনুষ্ঠানত জিলা উপায়ুক্ত স্বপ্নীল পালে এখন নিচামুক্ত সমাজ গঢ়াত সমাজৰ সকলো স্তৰৰ লোকৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি উল্লেখ কৰি সকলোকে এই ক্ষেত্ৰত আৰক্ষী- প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে শিক্ষানুষ্ঠানসমূহৰ লগতে চহৰ তথা গ্ৰামাঞ্চল আৰু অন্যান্য সংবেদনশীল এলেকাসমূহত ড্ৰাগছৰ লগতে আন সকলো মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি অতিশয় প্ৰয়োজনীয় বুলিও উল্লেখ কৰে। সকলোৱে ঐক্যবদ্ধভাবে প্ৰচেষ্টা আগবঢ়ালেহে সমাজখন নিচামুক্ত কৰিব পৰা যাব বুলিও জিলা উপায়ুক্তই মন্তব্য আগবঢ়ায়। কাৰ্য্যসূচীৰ মুখ্য বক্তা ড০ বি. কে শচীন পৰৱে মাদক দ্ৰব্যৰ সেৱন সমাজৰ বাবে এক চিন্তাজনক ব্যাধি বুলি উল্লেখ কৰি যুৱ চামক এই মাৰাত্মক ব্যাধিৰ পৰা বচাবৰ বাবে অভিভাৱকসকলৰ লগতে সমাজৰ প্ৰত্যেকৰে দায়িত্ব আছে বুলি উল্লেখ কৰে। “নিচামুক্ত ভাৰত অভিযান”ৰ শুভাৰম্ভ কৰি শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে এই অভিযানৰ সফলতাৰ বাবে সকলোকে ঐক্যবদ্ধভাবে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে স্কুল-কলেজসমূহত মাদক দ্ৰব্য সেৱনৰ অপকাৰিতাৰ বিষয়ে ব্যাপক সজাগতা গঢ়ি তুলিবলৈয়ো আহ্বান জনায়। উক্ত অনুষ্ঠানতে তিনিচুকীয়া ব্ৰহ্মকুমাৰী সেৱা কেন্দ্রৰ সঞ্চালিকা বি. কে ৰজনীৰ পৰিচালনাত আয়োজিত গণ ধ্যানত উপস্থিত সকলোৱে উৎসাহেৰে যোগদান কৰে। আজিৰ কাৰ্য্যসূচীত তিনিচুকীয়াৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, অন্যান্য বিশিষ্ট ব্যক্তি তথা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া