🔹 আয়ুষ্মান স্বাস্থ্যমেলা পৰিদৰ্শন
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : শিক্ষার্থীসকল আমাৰ জাতীয় জীৱনৰ আশাৰ সম্পদ। শিক্ষার্থীসকল প্রকৃত জ্ঞান আৰু মেধাৰে সমৃদ্ধ হ’লেহে আমাৰ ৰাজ্যখন সর্বদিশতে উজলি উঠিব। এইসকল শিক্ষার্থীক শিক্ষকেই প্রজ্ঞাৰে মন প্রজ্বলিত কৰিব লাগিব। আজি বজালীৰ বাঘমাৰাস্থিত বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কেইবাটাও শ্ৰেণীকোঠাত পাঠদান কৰি এইদৰে অভিমত ব্যক্ত কৰে বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত মৃদুল কুমাৰ দাসে। শ্ৰেণীকোঠাত অতিৰিক্ত উপায়ুক্ত দাসে শিক্ষার্থীৰ স’তে মত বিনিময় কৰাৰ উপৰি শিক্ষার্থীসকলক পঠন কৌশল, অংকৰ জ্ঞান আৰু ইংৰাজী বিষয়তো পাঠদান কৰি তেওঁলোকৰ মেধাৰ বুজ লয়। তেওঁ জাতিৰ ভৱিষ্যত শিক্ষার্থীসকলক নিৰন্তৰ অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণাও দিয়ে। ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্তগৰাকীৰ স’তে বজালীৰ অতিৰিক্ত উপায়ুক্ত উর্মি মেধিও বিদ্যালয়খনত উপস্থিত আছিল। ইয়াৰ পাছতে ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত মৃদুল কুমাৰ দাসে বাঘমাৰাস্থিত বাঘমাৰা সমূহীয়া স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হৈ থকা আয়ুষ্মান স্বাস্থ্যমেলা পৰিদৰ্শন কৰি ৰোগীসকলৰ বুজ লয়৷ ডেৰ শতাধিক পুৰুষ-মহিলাই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা স্বাস্থ্যমেলাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিতালৰ পৰা অহা চাৰিগৰাকী বিশেষজ্ঞ চিকিৎসকে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে। উল্লেখযোগ্য যে নিত্যানন্দ খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত আয়োজিত এই স্বাস্থ্যমেলাত ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰোগী আৰু চিকিৎসকসকলৰ লগতো বাৰ্তালাপ কৰে। দাসৰ সৈতে অতিৰিক্ত উপায়ুক্ত উর্মি মেধিও উপস্থিত থাকে।
প্ৰেৰক কল্যাণ কলিতা