নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইষ্টাৰ্ন কমাণ্ডৰ এডিজি-গুৱাহাটী ফ্ৰন্টিয়াৰৰ আইজিৰ ধুবুৰী ছেক্টৰৰ নদী সীমান্ত পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বিএছএফৰ ইষ্টাৰ্ন  কমাণ্ডৰ এডিজি ৰবি গান্ধীসহ গুৱাহাটী ফ্ৰন্টিয়াৰৰ আইজি মাক্ৰন্দ দেউচকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী ছেক্টৰৰ বৰলুইতৰ দুৰ্গম চৌকীচৰ বিঅ’পি পৰিভ্ৰমণ কৰে। বিএছএফৰ শীৰ্ষ বিষয়াদ্বয়ে বিএছএফৰ জোৱান-বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সমান্তৰালকৈ বিএছএফৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। উল্লেখ্য যে সম্প্ৰতি বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ দেশৰ গৃহ মন্ত্ৰালয়ে গঠন কৰা এক বিশেষ কমিটীৰ মুৰব্বীৰ দায়িত্বতো আছে ৰবি গান্ধী। ইয়াতে উল্লেখনীয় এয়াও যে বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ কুখ্যাত জেহাদী গোষ্ঠী লস্কৰ-ই-তৈবা আৰু আনছাৰুল্লাহ বাংলা টিমে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনাক লৈ দেশৰ চোৰাংচোৱা গোষ্ঠীয়ে সকীয়াই দিয়াৰ সময়তে বিএছএফৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াই ভাৰত-বাংলাদেশৰ সীমান্তৰ ধুবুৰী ছেক্টৰৰ নদী সীমান্ত পৰিভ্ৰমণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

You might also like