অসম সন্তান আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ বলিষ্ঠ অভিনয়েৰে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইনে পুনৰ আন এক সুনাম লাভ কৰিছে৷ ৱাশ্বিংটন ডিচি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত সর্বশ্রেষ্ঠ অভিনেতাৰ সন্মানেৰে সন্মানিত হৈছে অসম সন্তানগৰাকীয়ে৷ ৰাহগিৰ নামৰ ছবিত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে এই সন্মান৷ এই বাতৰিটো নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্রকাশ কৰাৰ লগতে এই সন্মান লাভ কৰি তেওঁ আনন্দিত বুলি প্রকাশ কৰে৷
উল্লেখ্য যে ২০১৯ চনত নির্মাণ কৰা এই ছবিখনৰ দৃশ্যগ্রহণ ঝাৰখণ্ডত কৰা হৈছিল৷ গ্রাম্য ভাৰত, জনজাতীয় লোকসকলৰ জীৱনক লৈ এই ছবিখন নির্মাণ কৰা হৈছিল৷ বিশেষকৈ গ্রামাঞ্চল আৰু চহৰ অঞ্চলৰ মাজত থকা পার্থক্যসমূহ এই ছবিখনৰ জৰিয়তে দাঙি ধৰা হৈছিল৷ ৱাশ্বিংটন ডি চি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত দক্ষিণ এছিয়াৰ বিভিন্ন বিষয়ত নির্মিত ছবিসমূহ প্রদর্শন কৰা হৈছিল৷ যোৱা ২৮ আগষ্টৰ পৰা দুদিনীয়াকৈ এই ছবি মহোৎসৱ অনুষ্ঠিত হৈছিল৷ উল্লেখ্য যে ইয়াৰ পূর্বেও কেইবাখনো ছবিত কৰা উল্লেখযোগ্য অভিনয়ৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল আদিল হুছেইন৷