নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱী-চন্দ্রৰ দৃষ্টিনন্দন আলোকচিত্র প্ৰেৰণ আদিত্য এল-১ৰ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সূর্যযান আদিত্য এল–১এ নিজা লক্ষ্যৰে আগবাঢ়ি গৈ ইতিমধ্যে সুকলমে পৃথিৱীৰ কক্ষপথৰ দুটা পর্যায় অতিক্রম কৰিছে৷ এই দুয়োটা পর্যায় অতিক্রম কৰাৰ পাছতে আদিত্য এল–১এ মহাকাশত ছেলফি তুলি পৃথিৱীলৈ প্রেৰণ কৰিছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ দ্বাৰা পৰিচালিত সূর্য অভিযান আদিত্য এল–১ৰ এই ছেলফি আজি টুইটাযোগে প্রচাৰ কৰিছে মহাকাশ গৱেষণা সংস্থাটোৱে৷ মহাকাশত সূর্যযান আদিত্য এল–১ৰ ছেলফিৰ লগতে পৃথিৱী আৰু চন্দ্রৰো দৃষ্টিনন্দন আলোকচিত্র সংগ্রহ কৰিছে৷ এই আলোকচিত্র ইছৰ’ই প্রকাশ কৰাৰ পাছতে সূর্যযানখনক লৈ উৎসুকতা বৃদ্ধি পাইছে৷ আদিত্য এল–১এ পৃথিৱী আৰু চন্দ্রৰ শেহতীয়া আলোকচিত্র সংগ্রহ কৰাৰ পাছতেই মহাকাশ বিজ্ঞানী আৰু মহাকাশক ৱুৈল উৎসুক লোকৰ মাজত চর্চা বৃদ্ধি পাইছে৷ সূর্য অভিযানৰ লক্ষ্য পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ নিলগৰ লেগ্রেঞ্জ পইণ্ট–১ (এল–১)ৰ সমীপৰ হেল কক্ষপথ৷ এই নির্ধাৰিত স্থানলৈ যাত্রা কৰি থকা আদিত্য এল–১এ পৰৱর্তী সময়ত মহাকাশৰ অনেক ৰহস্যৰ তথ্য উদ্ঘাটন কৰি পৃথিৱীলৈ প্রেৰণ কৰিব বুলি ইছৰ’ আশাবাদী৷

You might also like