নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ তৃতীয়-চতুর্থবৰ্গৰ নিযুক্তি পৰীক্ষাঃ সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু বজালী আৰক্ষী প্ৰশাসন

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাজ্যৰ ভিতৰতে বৃহত্তম নিযুক্তি পৰীক্ষা হিচাপে বিবেচিত হোৱা ৰাজ্য চৰকাৰৰ ৰাজ্যিক ভিত্তিত নিযুক্তি আয়োগ (এছ এল আৰ চি)ৰ অধীনত তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষাৰ বাবে সম্পূর্ণ ৰূপে সাজু হৈছে বজালী জিলা প্ৰশাসন৷ জিলাখনত ২১ আগষ্টত হবলগীয়া চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে মুঠ ৮৯টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৩২ হাজাৰ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ আনহাতে অহা ২৮ আগষ্টত অনুষ্ঠিত হবলগীয়া তৃতীয় শ্ৰেণীৰ পদৰ বাবে জিলাখনৰ মুঠ ৭৬টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৩২ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ইতিমধ্যে লিখিত পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে ইপিনে জিলাখনৰ ভিতৰতে সৰ্ববৃহৎ পৰীক্ষা কেন্দ্ৰ হিচেপে চিহ্নিত বজালী জিলা সদৰ পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমিত কাইলৈ ৩ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষা দিব পৰাকৈ ১০০টা শ্ৰেণীকোঠা সম্পূৰ্ণ ৰূপে সাজু কৰি তোলা হৈছে। ইয়াৰে ২২৫০ গৰাকী আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদ আৰু ৭৫০গৰাকী আনন্দৰাম বৰুৱা একাডেমি প্ৰাইমাৰী স্কুল চৌহত লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সাজু কৰা হৈছে বুলি আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকাই জানিবলৈ দিছে৷ অনুৰূপ ধৰণে ২৮ আগষ্টত হবলগীয়া লিখিত পৰীক্ষাৰ বাবেও সমানসংখ্যক আসনৰ ব্যৱস্থা কৰা হৈছে বুলি ড৹ ডেকাই জানিবলৈ দিছে৷ উল্লেখ্য যে এই পৰীক্ষা যাতে সুশৃংখলিত ৰূপ পৰিচালিত হয় তাৰ বাবে বজালী জিলা আৰক্ষীও ইতিমধ্যে সস্তম হৈ পৰিছে৷ বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে জানিবলৈ দিয়া অনুসৰি কাইলৈ চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে এছএলআৰচিৰ নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত জিলাখনৰ আইটাকেইটা কেন্দ্ৰৰ বাবে আৰক্ষী কৰ্মী নিয়োগ কৰা আৰম্ভ কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like