নিয়মীয়া বাৰ্তা, ২৭ জুলাই : শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ বানত ঘৰ-দুৱাৰ, খেতিপথাৰ ডুব গৈ অসহায় হোৱা ৰাইজক কালি উদ্ধাৰ কৰি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ অমিয় ভৱনত ৰখা হৈছে। বানপীড়িত ৬০জন লোকক আজি চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰৰ তত্ত্বাৱধানত বান সাহায্য বিতৰণ কৰা হয় । চক্ৰ বিষয়া কাৰ্যালয়টোৰ দুৰ্যোগ ব্যৱস্থা বিভাগৰ ক্ষেত্ৰ বিষয়া অভিলাষা মহন্তৰ পৃষ্ঠপোষকতা আৰু লাট মণ্ডল, ৰাইজৰ সহযোগত বানপীড়িতসকলৰ মাজত বান সাহায্য হিচাপে চাউল, দাইল, নিমখ ইত্যাদি বিতৰণ কৰে । আনহাতে, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৃষ্ঠপোষকতাত অঞ্চলটোৰ প্ৰায় ৫০০০ লোকক খাদ্য যোগান ধৰা হয় । একেদৰে বালিপৰা দীঘলী প্ৰাথমিক বিদ্যালয়ত চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলৰ উপস্থিতিত দীঘলী গাঁৱৰ গঞাক চাউল, দাইল, নিমখ আদি সামগ্ৰী শৃঙ্খলাবদ্ধভাৱে বিতৰণ কৰা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম