প্ৰশাসনিক বিষয়া হোৱাৰ মন নৱম স্থান প্ৰাপ্ত ভৃগু মোহন কুমাৰ
নিয়মীয়া বাৰ্তা ৬ জুনঃ নৱম স্থান প্ৰাপ্ত ভৃগু মোহন কুমাৰৰ লক্ষ্য এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ ।উল্লেখযোগ্য যে মহলীয়াপাৰাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভূগু মোহন কুমাৰে নৱম স্থান অৰ্জন কৰিছে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত । বৈৰাগীপাৰা নিৱাসী শিক্ষক দম্পতি চন্দ্ৰ কান্ত কুমাৰ আৰু বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ ভৃগু মোহনক লৈও বিদ্যালয় আৰু সমগ্ৰ অঞ্চলটোত উৎসৱ মুখৰ পৰিবেশ। । দৈনিক ১৬/১৭ ঘন্টাকৈ অধ্যয়ন কৰিছিল ভৃগুৱে । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা স্থান প্ৰাপ্ত ভৃগু মোহনৰ ।সদ্যহতে ৰামানুজন একাডেমিত বিজ্ঞান শাখাত অধ্যয়ন কৰিব ।আজৰি সময়ত অন্যান্য গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰি অংকীয়া ভাওনাত অভিনয় কৰিছিল ।খোল-তালৰ এগৰাকী শিল্পী কৃতি শিক্ষাৰ্থী গৰাকী । সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰা ভৃগু মোহন কুমাৰে অসমীয়াত ৯৫ ,ইংৰাজীত ৯২,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ১০০ ,সমাজ বিজ্ঞানত ৯৮ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰে ।নিজৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃ,শিক্ষক-শিক্ষয়িত্ৰীৰ আশীৰ্বাদ কথা প্ৰকাশ কৰে । ইস্পিত লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰতিটো বিষয় খৰচি মাৰি অধ্যয়ন কৰা প্ৰয়োজন বুলি উল্লেখ কৰে । প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিব বুলি নিশ্চিত আছিল ভূগু মোহন কুমাৰ ।উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত ৫৬ খন শিক্ষানুষ্ঠানৰ ভিতৰত মহলীয়াপাৰাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় খন অন্যতম ।১৯৯৮ চনত স্থান কৰিছিল এই বিদ্যালয় খন ।স্মৰ্তব্য যে শংকৰদেৱ সংঘৰ পৰিচালিত এই শিক্ষানুষ্ঠান খনে প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিছে ।