১৫ ডিচেম্বৰৰ পৰা টেট–নিযুক্তি পৰীক্ষাৰ এডমিট কার্ড
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ডিচেম্বৰঃ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া টেট তথা নিযুক্তি পৰীক্ষাৰ আবেদনকাৰীসকলৰ বাবে অহা ১৫ ডিচেম্বৰত এডমিট কার্ড ইছ্যু কৰা হ’ব৷ সেইদিনা দিনৰ ১১ বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট https://madhyamik.assam.gov.inত উপলব্ধ হ’ব এডমিট কার্ড৷ আবেদনকাৰীসকলে তেওঁলোকৰ আবেদনৰ নম্বৰ আৰু আবেদন কৰাৰ সয়মত ব্যৱহাৰ কৰা পাছৱর্ডৰ জৰিয়তে ৱেবছাইটটোৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব পাৰিব৷– এক্স হেণ্ডেলযোগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ উল্লেখ্য যে ইতিপূর্বে ঘোষণা কৰি অহা ২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব টেট তথা নিযুক্তি পৰীক্ষা৷ পৰীক্ষাৰ সময়ত আবেদনকাৰীসকলে এডমিট কার্ডৰ প্রতিলিপিৰ লগতে চৰকাৰে ইছ্যু কৰা ফটো পৰিচয়–পত্র দাখিল কৰিব লাগিব৷ এই ফটো পৰিচয়–পত্র আধাৰ কার্ড, পান কার্ড, ড্রাইভিং লাইচেঞ্চ, ভোটাৰ আইডি আদি হ’ব পাৰে৷ সেইদৰে বিশেষভাৱে সক্ষম আবেদনকাৰীয়ে পৰীক্ষাত বহাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই প্রদান কৰা প্রমাণ–পত্র দাখিল কৰাটো বাধ্যতামূলক৷