নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ অক্টোবৰৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কার্ড

🔹 ২৭ অক্টোবৰত চতুর্থবর্গৰ পৰীক্ষা

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে অনুষ্ঠিত কৰিবলগীয়া চতুর্থবর্গৰ পদৰ লিখিত পৰীক্ষাৰ এডমিট কার্ড অহা ১৫ অক্টোবৰৰ পৰা প্রার্থীসকলে ডাউনলোড কৰিব পাৰিব৷ আয়োগৰ সচিবে এক জাননীৰ জৰিয়তে এই কথা সদৰী কৰিছে৷ ১৫ অক্টোবৰৰ পুৱা ১১.৩০ বজাৰ পৰা প্রার্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু অসম চৰকাৰৰ ৱেবছাইটৰ পৰা এডমিট কার্ডসমূহ ডাউনলোড কৰিব পাৰিব৷ অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ এডমিট কার্ড প্রার্থীসকলে আবেদনৰ নম্বৰ আৰু পাছৱর্ডৰ সহায়ত ডাউনলোড কৰিব পাৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে প্রার্থীসকলে অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত এই এডমিটৰ হার্ড কপী আৰু চৰকাৰীভাৱে লাভ কৰা পৰিচয়পত্র প্রদর্শন কৰিলেহে পৰীক্ষা গৃহত প্রৱেশৰ অনুমতি দিয়া হ’ব৷ তদুপৰি প্রার্থীসকলে এডমিট কার্ডত উল্লেখ থকা সকলোধৰণৰ নীতি–নির্দেশনা মানি চলিব লাগিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷

You might also like