নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ “এডভান্টেজ আছাম ২.০ ৰ জৰিয়তে অসমৰ গাৱে- ভূঞে থকা সৰু-বৰ সকলো উদ্যোগক তুলি ধৰাৰ বিশেষ প্ৰয়াস কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ আৰু ইয়াৰ বাবে তিনিখন জিলাৰ মাজত এজনকৈ মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীসকলে প্ৰতিখন জিলাত থকা যিকোনো উদ্যোগক তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি উদ্দেশ্য আগত ৰাখি এই এডভান্টেজ আছাম ২.০ অনুষ্ঠিত কৰাৰ পদক্ষেপ হাতত লৈছে, ইয়াৰ দ্বাৰা আগন্তুক দহ বছৰ পিছত আমাৰ ৰাজ্যখন যে দেশৰ ভিতৰত প্ৰথম ৰাজ্য হ’ব তাত কোনো সন্দেহ নাই৷” এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ বজালীত বীৰ চিলাৰায়ৰ জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এডভান্টেজ আছাম ২.০ সম্পৰ্কত উক্ত মন্তব্য কৰাৰ লগকে বীৰ চিলাৰায়ৰ স্মৃতিচাৰণ কৰি তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তৎপৰতাত আজি অসমৰ জিলাই জিলাই অনুষ্ঠিত কৰা হৈছে বীৰ চিলাৰায়ৰ জন্মজয়ন্তী৷ বীৰ চিলাৰায় বা লাচিত বৰফুকন মাত্ৰ এটা সম্প্ৰদায়ৰ নেতা নহয় বুলি মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে তেওঁলোক ভাৰত মাতাৰ সুযোগ্য সন্তান। সেইবাবে আমি সকলোৱে তেওঁলোকক স্মৰণ কৰিব লাগে আৰু বিজপিয়ে এনে বীৰসকলক সমদৃষ্টিৰে চাইছে বাবে তাৰ সকলোৱে শলাগ লৈছে৷৷ উল্লেখ্য যে বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি পদ্ম শৰ্মাৰ সভাপতিত্বত বজালীৰ দৈশিংৰীত আয়োজন কৰা হয় চিলাৰায় দিৱস৷ অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থকা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে বীৰ চিলাৰায়, মহাপ্ৰতাপী কোচ ৰজা নৰনাৰায়ণ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মাজত যি সম্পৰ্ক সেই সন্দৰ্ভতো বিস্তাৰিতভাৱে আলোকপাত কৰে৷
বজালীৰ বিভিন্ন উন্নয়মমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ
ইপিনে বজালী সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে৷ তাৰ ভিতৰত নিমূৱা নামঘৰৰ চৌহদৰ পকীবেৰ, বৰবৈৰাগীৰ বণিয়া চুবা নামঘৰৰ পুনঃ নিৰ্মাণ, কোছদিগা (পল্লাৰ খাত) বাসুদেৱ নামঘৰৰ পুনঃ নিৰ্মাণ, ফিঙুৱাগড় সভাৰ নামঘৰৰ পুনঃ নিৰ্মাণ, ফিঙুৱাগড়লৈ যোৱা মূল পথ, ফিঙুৱাগড় সভাৰস্থলীত খোৱাপানী আঁচনি আৰু পাঠশালা মিলনপুৰৰ পুনঃ নিৰ্মাণ হোৱা গৰখীয়া গোঁসাই নামঘৰৰ শুভ উদ্বোধন কৰাৰ লগতে ৰাইজৰ কুশল-মঙ্গল কামনা কৰি ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰে মন্ত্ৰী দাসে৷
প্ৰেৰক কল্যাণ কলিতা