নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুম্বাই ভ্রমণৰ দ্বিতীয় দিনা টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোবেল টাটা আৰু তেওঁৰ পুত্র নেভিল টাটাক সাক্ষাৎ কৰি ড্রাষ্টে অসমলৈ আগবঢ়োৱা বিনিয়োগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰি তেওঁলোকক ‘এডভাণ্টেজ আছাম ২.০’ শীর্ষক সন্মিলনলৈ আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে মুম্বাই ভ্রমণৰ অংশ হিচাপে আজি মহিন্দ্রা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্রাকো সাক্ষাৎ কৰি ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ যাত্রাত অসম চৰকাৰৰ সৈতে অংশীদাৰ হোৱাৰ বাবে আমন্ত্রণ জনায়৷ মুম্বাইৰ ষ্টিভেন ষ্ট্রিটস্থিত গেটৱে ভৱনত আনন্দ মহিন্দ্রাৰ সৈতে দুপৰীয়াৰ আহাৰ গ্রহণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই আনন্দ মহিন্দ্রাৰ ঔদ্যোগিকৰণৰ প্রতি থকা উদ্যম আৰু বৌদ্ধিক দক্ষতাক প্রশংসা কৰাৰ লগতে ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নৰ যাত্রাক অধিক গতিশীল কৰাৰ বাবে মহিন্দ্রা গ্রুপৰ সৈতে অংশীদাৰিত্বৰ বাবে ৰাজ্য চৰকাৰৰ আগ্রহ ব্যক্ত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত অংশগ্রহণৰ বাবে মহিন্দ্রা গ্রুপৰ অধ্যক্ষগৰাকীকো আমন্ত্রণ জনায়৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই এল এণ্ড টিৰ মুখ্য কার্যবাহী বিষয়া এছ এন সুব্রমণিয়মৰ সৈতে আন এখন বৈঠকত মিলিত হৈ এই সন্মিলনত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত অব্যাহত থকা কেইবাটাও বহু অভিলাষী প্রকল্পৰ বাবে অসম আন্তঃগাঁথনি কোম্পানীসমূহৰ বাবে এক আকর্ষণীয়স্থলী হিচাপে পৰিগণিত হৈছে৷ গতিকে এল এণ্ড টিয়ে অসম চৰকাৰৰ সৈতে অংশীদাৰ হৈ ৰাজ্যখনক বিনিয়োগৰ কেন্দ্র হিচাপে গঢ়ি তোলাত সহায় কৰিব পাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই নির্মাণ খণ্ডত বহনক্ষম আৰু আধুনিক প্রযুক্তি গ্রহণৰ সৈতে জড়িত দিশসমূহৰ ওপৰতো আলোচনা কৰে৷ একেদৰে মুখ্যমন্ত্রী ড০ শর্মাই ৱেলছপুন গ্রুপৰ অধ্যক্ষ বি কে গোৱেংকাৰ সৈতেও এখন বৈঠকত মিলিত হৈ গুৰু উদ্যোগ আৰু বস্ত্র খণ্ডত অসমে আগবঢ়োৱা উল্লেখযোগ্য সুযোগ–সুবিধাসমূহৰ্ ওপৰত আলোকপাত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনত অসম চৰকাৰে গ্রহণ কৰা বিনিয়োগৰ পৰিকল্পনাৰ প্রতিও ৱেলছপুন গ্রুপৰ অধ্যক্ষৰ মনোযোগ আকর্ষণ কৰে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই এইচ ডি এফ চি বেংকৰ মুখ্য কার্যবাহী বিষয়া শশীধৰ জগদীশনৰ সৈতেও এক বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বিশেষকৈ ডিবিটিক অগ্রাধিকাৰ দি অসমৰ অর্থনীতি সংগঠিতকৰণত ৰাজ্য চৰকাৰে গ্রহণ কৰা প্রচেষ্টাসমূহৰ বিষয়ে বিশদ ব্যাখ্যা দাঙি ধৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দক্ষ আৰু অনুশাসিত কর্মশক্তি থকা অসম ভাৰতৰ বেংকিং উদ্যোগৰ এক সম্ভাৱনাপূর্ণ ক্ষেত্র হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন খণ্ডত এইচ ডি এফ চিৰ সৈতে ৰাজ্য চৰকাৰৰ সম্ভাব্য সহযোগিতাসমূহৰ ওপৰতো আলোচনা কৰে আৰু অসমৰ উন্নয়নৰ বাবে নতুন পথৰ অন্বেষণ কৰিবলৈ তেওঁক এডভাণ্টেজ আছাম সন্মিলনত অংশগ্রহণৰ বাবে আমন্ত্রণ জনায়৷ দুপৰীয়াৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই হিন্দুস্তান ইউনিলিভাৰৰ ৰোহিত জাৱা, দেৱ বাজপেয়ী আৰু যোগেশ মিশ্রৰ সৈতেও এক বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্রত নতুন পথৰ সন্ধানৰ বিষয়ে আলোচনা কৰে৷ তেওঁ ঔদ্যোগিক প্রতিষ্ঠানটোক ৰাজ্যত নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে এডভাণ্টেজ আছাম সন্মিলনত অংশগ্রহণ কৰি নতুন বিনিয়োগৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনায়৷ শীর্ষ উদ্যোগপতিসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই ‘লক্ষ্মী টী’ৰ পৰিচালন সঞ্চালক ৰুদ্র চট্টোপাধ্যায়কো সাক্ষাৎ কৰি আগন্তুক এডভাণ্টেজ আছাম সন্মিলনলৈ আমন্ত্রণ জনায়৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই আজি আদানি অনলাইনৰ সঞ্চালক জিৎ আদানিৰ সৈতেও এক বৈঠকত মিলিত হৈ আন্তঃগাঁথনি, শক্তি আৰু প্রতিৰক্ষা খণ্ডত অসমত থকা সুযোগ–সুবিধাসমূহৰ্ অন্বেষণ কৰাৰ বাবে ব্যৱসায়িক গোষ্ঠীটোৰ অংশগ্রহণৰ ক্ষেত্রত তীব্র আগ্রহ প্রকাশ কৰে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ব্যৱসায়িক গোষ্ঠীটোৰ সম্প্রসাৰণৰ পৰিকল্পনাক আগবঢ়াই নিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ সদিচ্ছা তথা আগ্রহৰ কথাও ব্যক্ত কৰে৷