নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ সফলতাৰে সামৰণি পৰিল এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ৷ ৭৫খন দেশৰ প্রতিনিধি, ৬৭খন ৰাষ্ট্রৰ হেডছ অৱ মিছন, ৯খনকৈ সহযোগী ৰাষ্ট্রৰ অংশগ্রহণ আৰু দেশ–বিদেশৰ আগশাৰীৰ উদ্যোগপতিৰ উপস্থিতিত অনুষ্ঠিত এই বৃহৎ সন্মিলনত ৪,৯১,৫০০ কোটি টকাৰ অভিলেখ বিনিয়োগ ঘটে৷ বিনিয়োগ আৰু আন্তঃগাঁথনি শিতানত এই বৃহৎ পৰিমাণৰ বিনিয়োগ হৈছে৷ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে এই বিনিয়োগৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব৷ দুই–তিনি মাহৰ ভিতৰত এই পৰিমাণ বৃদ্ধি পাব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এসময়ত অসম কেন্দ্রৰ ওপৰত নির্ভৰশীল ৰাজ্য আছিল৷ চৰকাৰী কর্মচাৰীক মাহৰ দৰমহা দিবলৈও কেন্দ্রৰ ওপৰত নির্ভৰশীল হ’বলগীয়া হৈছিল৷ কিন্তু আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমৰ পৰিৱেশ সলনি হৈছে৷ আমি বিচাৰোঁ অসম কেন্দ্রৰ ওপৰত নির্ভৰশীল ৰাজ্য হৈ থকাৰ পৰিৱর্তে অসম আত্মনির্ভৰশীল ৰাজ্য হওক আৰু দেশৰ প্রগতিত অসমে অৱদান আগবঢ়াওক৷ স্বাধীনতাৰ পূর্বে অসম দেশৰ ভিতৰতে বিকশিত ৰাজ্য আছিল৷ অসমতে প্রথম কয়লাখনি আৱিষ্কাৰ, তৈলক্ষেত্রৰ আৱিষ্কাৰ আৰু ৰিফাইনেৰী স্থাপন হৈছিল৷ স্বাধীনতাৰ পূর্বে দেশৰ ভিতৰতে অসমৰ জিডিপি সর্বাধিক আছিল৷ কিন্তু দেশ বিভাজন, ১৯৫০ চনৰ বৰভূঁইকঁপ আৰু বৰ অসমৰ বিভাজনে অসমক পিছুৱাই নিলে৷ সেই সময়ৰ চৰকাৰসমূহেও এইক্ষেত্রত অসমক কোনো সহায় নকৰিলে৷ ২০১৪ চনত নৰেন্দ্র মোদী দেশৰ প্রধানমন্ত্রী হোৱাৰ পাছত যোৱা এটা দশকত অসমৰ জিএছডিপি ১২ শতাংশলৈ বৃদ্ধি পালে৷ আজি অসম বিভিন্ন দিশত আগবাঢ়ি গৈছে৷ এই বছৰতে অসমে ছেমিকণ্ডাক্টৰ উদ্যোগৰ উৎপাদন আৰম্ভ কৰিব আৰু ৪৮ মিলিয়ন চিপছ ঘৰুৱা আৰু আন্তঃৰাষ্ট্রীয় বজাৰত যোগান ধৰিব পাৰিব৷ অসমৰ নুমলীগড় ৰিফাইনেৰী দেশৰ প্রথমটো বাঁহৰ পৰা বায়’ ইথানল প্রস্তুত কৰা ৰাজ্য হ’ব৷ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টার্মিনেলটো এই বছৰতে আৰম্ভ হ’ব আৰু এই বিমানবন্দৰটো দেশৰ ভিতৰতে পঞ্চমটো বৃহৎ বিমানবন্দৰ হিচাপে পৰিগণিত হ’ব৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ব্রহ্মপুত্রৰ দলংখনো এই বছৰটোতে আৰম্ভ হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ বিকাশৰ বাবে আগবঢ়োৱা মার্গদর্শনৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে ‘ঝুমইৰ বিনন্দিনী’ কার্যসূচীত অংশগ্রহণ কৰাৰ লগতে এডভাণ্টেজ আছাম ২.০ৰ সন্মিলনত অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজন কৰা প্রদর্শনীত প্রধানমন্ত্রী মোদীয়ে ৪০ মিনিট সময় উপস্থিত থকাৰ লগতে কালি সন্মিলনখনৰ উদ্বোধনো কৰি টীম অসমক অনুপ্রাণিত কৰিছে৷ এডভাণ্টেজ আছাম ২.০ সফল হোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেন্দ্রীয় মন্ত্রীসভাৰ সদস্যসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ ৪০ লাখ মহিলা আত্মসহায়ক গোটে অসমৰ বিকাশৰ ক্ষেত্রত উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এওঁলোকে আত্মনির্ভৰ অসম নির্মাণ কৰিবলৈ সক্ষম হ’ব৷ অসমৰ বিকাশৰ যাত্রাত চৰকাৰে ৰোড মেপ প্রস্তুত কৰাৰ কথা উল্লেখ কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি আমি নতুন যাত্রাৰ বাবে সাজু হৈছোঁ৷ এইবাৰৰ বিনিয়োগ সন্মিলনত হাইড্র’কার্বন, খনি আৰু সেউজ শক্তিখণ্ডৰ উপৰি কৃষি, পশুপালন, উদ্যান শস্য শিতানত যথেষ্ট বিনিয়োগ হৈছে৷উদ্যোগীকৰণ অবিহনে অসমৰ যুৱক–যুৱতীসকল কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যেতিয়া বেংগালুৰু, কর্ণাটক, চেন্নাইলৈ যাওঁ, তাত দেখিবলৈ পাওঁ ৭–৮ হাজাৰ টকাৰ দৰমহাত অসমৰ যুৱক–যুৱতীয়ে কাম কৰি আছে৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ আমি উদ্যোগ স্থাপন কৰিবই লাগিব৷ আজি আমি নতুন অসমৰ নতুন বুনিয়াদ নির্মাণ কৰিছোঁ৷ আশা কৰিছোঁ অসমৰ যুৱপ্রজন্মই অসমক আগুৱাই লৈ যাব৷ অসমৰ যুৱক–যুৱতী অভিযন্তা হৈ আমেৰিকা–জাপানলৈ যাওক৷ আমি তেনেকুৱা এখন অসম বিচাৰোঁ৷ ৰাজনীতিলৈ অহাৰ সময়ত আমি যিখন অসম নির্মাণৰ কল্পনা কৰিছিলোঁ সেই দিনটোত আজি আমি থিয় হৈছোঁ৷ ইয়াৰ পৰা আমি ভৱিষ্যতৰ অসম চাব পাৰোঁ৷ আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসমৰ পৰিৱর্তে উজ্জ্বল অসম এখন থিয় কৰাব পাৰিছোঁ৷ ১৯৪৭ৰ আগত অসম যেনেদৰে সম্পদপূর্ণ, সমৃদ্ধিশালী আছিল, আজি আমি তালৈ লৈ যাব পাৰিছোঁ৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৮ চনতো অসমে তেনে এক প্রচেষ্টা লৈছিল৷ কিন্তু তাৰ পাছতে আৰম্ভ হোৱা ‘কা’ আন্দোলনে ৰাজ্যখনক পিছুৱাই নিলে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰৰ বিনিয়োগ সন্মিলনত ৬–৭ লাখ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱ আহিছিল৷ কিন্তু অসম চৰকাৰে বাস্তৱসন্মত প্রস্তাৱসমূহৰ ওপৰত বুজাবুজিৰ চুক্তি কৰিছে৷ ইপিনে, আজিৰ সামৰণী অনুষ্ঠানত ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্রী পীয়ূষ গোৱেলে ভাৰতৰ ৰপ্তানি লজিষ্টিক আৰু বাণিজ্য খণ্ডৰ মূল অংশীদাৰ হিচাপে অসমৰ স্থিতি সুদৃঢ় কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি চিহ্ণিত কৰে৷ প্রযুক্তি খণ্ডত অসমৰ ক্রমবর্ধমান ভূমিকাক স্বীকৃতি প্রদান কৰি তেওঁ কয় যে টাটাৰ অর্ধপৰিবাহী উদ্যোগ আৰু ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ এ আই উদ্যোগৰ দৰে উল্লেখযোগ্য উন্নয়নে অঞ্চলটোৰ অর্থনীতিত যথেষ্ট প্রত্যক্ষ প্রভাৱ পেলাব৷ অসমৰ ভৱিষ্যৎ উন্নয়নক ঊর্ধ্বগামী কৰাত তিনিটা টি যেনে– ট্রেড, টেকন’লজী, টুৰিজিম আৰু তিনিটা আই যেনে– ইণ্ডাষ্ট্রী, ইনফ্রাষ্ট্রাকচাৰ, ইনভেষ্টমেণ্টৰ ভূমিকা গুৰুত্বপূর্ণ হ’ব৷ ৰাজ্যখনৰ শিক্ষাখণ্ড সন্দর্ভত তেওঁ কয় যে ১৮খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বিশ্ববিদ্যালয়সমূহ বিদেশী ভাষাৰ কার্যসূচী প্রৱর্তনৰ জৰিয়তে স্থানীয় ছাত্র–ছাত্রীসকলক বিশ্বব্যাপী সুযোগৰ বাবে সাজু কৰি তুলিব পৰা যাব৷ উদ্ভাৱন আৰু গৱেষণা তথা উন্নয়নৰ পোষকতাৰে চৰকাৰে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰি তেওঁ কয় যে এনে পদক্ষেপসমূহে প্রধানমন্ত্রী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অংশ হিচাপে অসমক উপকৃত কৰিব৷ চহকী সম্পদ, শক্তিশালী নেতৃত্ব, উন্নয়নৰ প্রতি দায়বদ্ধতাৰে অসম এখন নির্ভৰযোগ্য আৰু প্রগতিশীল ৰাজ্য হৈ উঠিব৷ এডভাণ্টেজ আছাম ২.০ সন্মিলনক সফল কৰি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আয়োজক আৰু সকলো অংশীদাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ অবিৰত বৃদ্ধি আৰু সমৃদ্ধিৰ প্রতি ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে৷ ভাষণত তেওঁ অসমৰ মুখ্যমন্ত্রীক উত্তৰ–পূবৰ শান্তি–প্রগতিৰ ধ্বজাবাহক বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাক ‘সোণৰ হূদয়ৰ মানুহ’ বুলি উল্লেখ কৰি কয় যে ড০ শর্মাই অসমৰ কল্যাণৰ বাবে নিষ্ঠা আৰু অদম্য প্রচেষ্টা চলাই আহিছে৷ যিটো দেশৰ প্রধানমন্ত্রী মোদীৰ দেশৰ প্রগতিৰ দৃষ্টিভংগীৰ সৈতে নিখুঁতভাৱে ৰজিতা খাই আহিছে৷