নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত কাৰ্যবাহী দণ্ডাধীশৰ ভুৱা স্বাক্ষৰ কৰি আটক অধিবক্তা

নিয়মীয়া বাৰ্তা, ১৪ মে’ : বজালীত এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ ভুৱা স্বাক্ষৰ কৰি আটক হ’ল খোদ অধিবক্তা৷ উল্লেখযোগ্য যে কিছুমান শপতনামাত ইচ্ছাকৃতভাৱে স্বাক্ষৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত বজালী জিলাৰ কাৰ্যবাহী দণ্ডাধীশ তথা সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে পাঠশালা আৰক্ষী থানাত বজালী উকীল সন্থাৰ অধিবক্তা তথা পাটাছাৰকুছি থানাৰ অন্তৰ্গত নিজ সৰিহ নিৱাসী প্ৰীতম দেৱ চৌধুৰীৰ বিৰুদ্ধে ১০ মে’ত এখন এজাহাৰ দাখিল কৰিছিল৷ ইয়াৰ পিছতে পাঠশালা আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ পি এছ চি/নং ৫১/২৪ ইউ/এছ ৪৬৮/৪২০/৪০৬নং গোচৰৰ ভিত্তিত প্ৰীতম দেৱ চৌধুৰীক আৰক্ষীয়ে আটক কৰে৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযুক্ত প্ৰীতম দেৱ চৌধুৰীক জেৰা চলোৱাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like