নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েচনৰ সদস্য পদ ত্যাগ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ

🔹 হাইক’ৰ্ট স্থানান্তৰৰ ক্ষেত্রত চৰকাৰৰ পক্ষত সহমত

বিশেষ বাৰ্তা, ২৯ মার্চ : গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েচনৰ সদস্য পদ ত্যাগ কৰিলে মহাধিবক্তা দেৱজিৎ শইকীয়াই৷ বাৰ এছ’চিয়েচনৰ সভাপতি কমল নয়ন চৌধুৰীৰ হাতত পদত্যাগ পত্র প্রদান কৰিছে জ্যেষ্ঠ অধিবক্তাজনে৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰক কেন্দ্র কৰি বাৰ এছ’চিয়েচন আৰু ৰাজ্য চৰকাৰৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদত নামিছে বাৰ এছ’চিয়েচন৷ এইক্ষেত্রত মহাধিবক্তা হিচাপে চৰকাৰী স্থিতিত থাকিবলৈ বাধ্য হৈ পদত্যাগ কৰিলে দেৱজিৎ শইকীয়াই৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সভাপতি কমল নয়ন চৌধুৰীলৈ প্রেৰণ কৰা পদত্যাগ পত্রখনত উচ্চ ন্যায়ালয় স্থানান্তৰক কেন্দ্র কৰি সৃষ্টি হোৱা মতানৈক্যৰ পৰিপ্রেক্ষিতত তেওঁ চৰকাৰী পক্ষত থকা হেতুকে এই পৰিৱেশত বাৰ এছ’চিয়েচনত থকাটো তেওঁৰ বাবে কিছু সমস্যাৰ বিষয় হ’ব, সেয়েহে বাৰ এছ’চিয়েচনৰ সদস্য হিচাপে তেওঁৰ সদস্য পদ নাকচ কৰিবলৈ পত্রযোগে অনুৰোধ জনায় ৷

You might also like