নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত বান… চেঁচা নৈৰ বান-ত বিচ্ছিন্ন হাৱাজান-শিমলুগুৰি পথ

হাৱাজান-শিমলুগুৰি সংযোগী পথটো বিচিন্ন হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি

ধলপুৰত বান… চেঁচা নৈৰ বান-ত বিচ্ছিন্ন হাৱাজান-শিমলুগুৰি পথ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : বিগত দুদিন ধৰি নিশাৰ ভাগত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত পাহাৰীয়া খৰস্ৰোতা চেঁচা নদীৰ জলপৃষ্ঠ ফেনেফুটুকাৰে ওফন্দি উঠি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ বহুকেইখন গাওঁ আজি পুৱতি নিশা জলমগ্ন কৰি তোলে৷

অসম মালা আঁচনিৰ অধিনত নিৰ্মীয়মাণ অৱস্থাত থকা লখিমপুৰ জিলাৰ হাৱাজানৰ পৰা শিমলুগুৰি সংযোগী পথটো প্ৰৱল সোতে বিচিন্ন কৰি তোলে ৷ বিশেষকৈ বিগত দুবছৰ ধৰি চেঁচা নদীৰ উন্মুক্ত হৈ থকা মথাউৰিটো মেৰামতি নকৰাৰ ফলত চেঁচা নদীৰ বলীয়া বানে ৰঙাজান, ফুটাভোগ, চেঁচা ডফলা গাওঁ,চেঁচা মিচিং গাওঁ, ৰজাবাৰী,কলমৌগুৰি আদি গাওঁ জলমগ্ন কৰি তোলে৷

বি এছ পি বিদ্যালয়কে আদিকৰি কেইবাখনো বিদ্যালয়ত পানী সোমোৱাৰ ফলত পাঠদান বন্ধ ৰাখিব লগীয়া হয়৷ ইপিনে হাৱাজান-শিমলুগুৰি সংযোগী পথটো বিচিন্ন হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হৈছে৷ ঘৰ-দুৱাৰ,শাকপাচলি খেতি, মিনপালনৰ ক্ষেত্ৰ আদি প্লাৱিত কৰি তোলাত ৰাইজৰ ব্যাপক ক্ষতিসাধন হৈছে। চেঁচা নদীৰ মথাউৰি নিৰ্মাণ নকৰালৈকে বৰষুণ দিলেই উল্লিখিত গাওঁ সমূহত বানৰ তাণ্ডৱ অব্যাহত থকাটো নিশ্চিত৷

প্ৰেৰক মাধুৰ্য দাস

You might also like