নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ন্যায়ালয়ত ক’ল ইণ্ডিয়াৰ শপতনামা

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ দিহিংপাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্গত ছালেকীত মুক্ত কয়লা খননৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া অনুমতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰত শপতনামা দাখিল কৰিছে ক’ল ইণ্ডিয়াই৷ ২৯/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ শুনানিৰ সময়ত দাখিল কৰা শপতনামাৰ জৰিয়তে ক’ল ইণ্ডিয়াই মুক্ত খননৰ অনুমতি সন্দর্ভত যাৱতীয় তথ্য অৱগত কৰিছে৷

ইপিনে, ছালেকীত কয়লা খননক লৈ কেন্দ্রীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রালয়ক শপতনামা দাখিল কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিছে৷ ৰাজহুৱা স্বার্থজড়িত আৱেদনখনৰ জৰিয়তে দিহিংপাটকাই বর্ষাৰণ্যৰ অসমৰ সমাজ জীৱনত এক গুৰুত্বপূর্ণ ভূমিকা আছে৷ তদুপৰি দিহিং পাটকাইত বিভিন্ন জীৱ–জন্তু, পশু–পক্ষীৰ বিৰল প্রজাতিয়ে বাস কৰে৷ সেয়েহে দিহিংপাটকাইৰ অন্তর্গত ছালেকীত কয়লা খননে জৈৱ–বৈচিত্র্যলৈ ভাবুকি আনিব বুলি আৱেদনকাৰীয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদে মুক্ত কয়লা খননৰ অনুমতি প্রদান কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷

যোৱা ৭ এপ্রিলত কয়লা খননৰ বাবে পৰিষদে অনুমতি প্রদান কৰিছিল৷ অৱশ্যে বিগত কেইবাবছৰ ধৰি দিহিংপাটকাইৰ অন্তর্গত অঞ্চলত ক’ল ইণ্ডিয়াই অবৈধ কয়লা খনন চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ইতিমধ্যে ক’ল ইণ্ডিয়াক ইয়াৰ বাবে ৰাজ্যৰ বন বিভাগে জৰিমনাও বিহিছে৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে সকলো অবৈধ কয়লা খননৰ বিৰুদ্ধে তদন্তও ঘোষণা কৰিছে৷

You might also like